![]()
মনোৰঞ্জনঃ
চুপাৰমাৰ্কেটত কাইলৈ উদ্বোধন হ’বলগীয়া নতুন উৰণীয়া সেতুখনে ইতিমধ্যে আকৰ্ষণ কৰিছে জনসাধাৰণক। কেৱল মাত্ৰ নতুন বুলিয়ে নহয়, সেতু খনক শেহতীয়াকৈ “living Art” ৰ সদস্যসকলে ৰং-তুলিকাৰে প্ৰাণ দিছে। বিভিন্ন জন শিল্পীৰ প্ৰতিচ্ছবি আঁকি উৰণীয়া সেঁতু খনেৰে এবাৰ পাৰ হৈ যাবলৈ যেন বাধ্য কৰি পেলাইছে তেওঁলোকে। সংগীতশিল্পী, বাদ্যযন্ত্ৰী প্ৰভাত শৰ্মাকো সেতুখনৰ দেৱালত অংকন কৰা হৈছে। মহীৰূহ গৰাকীক নৱপ্ৰজন্মৰ চিত্ৰকাৰে প্ৰদান কৰা এই বিশেষ সন্মানৰ বাবে কণ্ঠশিল্পী তৰালী শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিছে “living Art” ৰ সদস্যসকলক।
কণ্ঠশিল্পী গৰাকীয়ে লিখে যে, “শিল্পীৰ সৃষ্টিত মহীৰূহ!❤️সদ্য নিৰ্মিত দিছপুৰ চুপাৰ মাৰ্কেট-লাষ্টগেট উৰণ সেতুৰ সৌন্দৰ্য বৰ্দ্ধনৰ অংশ হিচাপে “লিভিং আৰ্ট”ৰ শিল্পীদলে সেতুৰ দেৱালত অংকন কৰিছে দেউতাৰ বিশেষ ছবিখন.. নৱ প্ৰজন্মৰ মন আৰু তুলিকাৰে মহীৰূহলৈ আগবঢ়োৱা এই যথোচিত সন্মানৰ সাক্ষী হৈ ৰ’ব সময়.. “লিভিং আৰ্ট”ৰ সমূহ চিত্ৰশিল্পীলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা৷”













