![]()
নিউজ ডেস্কঃ
ৰাজস্থানৰ উদয়পুৰৰ নিৰজা মোদী স্কুলৰ শিক্ষয়িত্ৰী নাচিফা আটাৰি ৰঙাঘৰৰ আলহী হ’বলগা হৈছিল। অপৰাধ, তেওঁৰ ৱাটছএপ ষ্টেটাছ, য’ত পাকিস্তানৰ বিজয় উল্লাস লিখা আছিল।
উদয়পুৰৰ অম্বা মাতা থানাৰ আৰক্ষীয়ে নাফিচাক গ্রেপ্তাৰ কৰে। অম্বা মাতা থানাৰ আৰক্ষী বিষয়া নৰপত সিঙে জনোৱা মতে, নাফিচাক ভাৰতীয় দণ্ডবিধিৰ ১৫৩ বি (ৰাষ্ট্ৰীয় সংহতি বিৰোধী) ধাৰাত অভিযুক্ত কৰা হৈছে। তেওঁক আদালতত তোলাৰ পিছত জে’ল হয়।
উল্লেখ্য, ভাৰত-পাকিস্তান মেচৰ পিছত দেশৰ বিভিন্ন স্থানৰ পৰা বহু লোকক গ্রেপ্তাৰ কৰা হয়। কাৰণ পাকিস্তানৰ জয়ত বিজয় উল্লাস৷ কিন্তু নাফিচাৰ গ্রেপ্তাৰৰ ঘটনাত পুনৰ এবাৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্রত মত প্রকাশৰ অধিকাৰক লৈ প্রশ্ন উঠে। যদিও অধিকাংশ গ্রেপ্তাৰৰ ঘটনা যোগী আদিত্যনাথৰ বিজেপিশাসিত উত্তৰ প্রদেশৰ বেৰেলী, আগ্ৰা, লক্ষ্ণৌত, কিন্তু কংগ্রেছশাসিত ৰাজস্থানে অশোক গেহলটৰ আৰক্ষীয়ে যেনেদৰে নাফিচাক গ্রেপ্তাৰ কৰিছে সেয়া তাৎপর্যপূর্ণ।
উল্লেখ্য, যোৱা ২৪ অক্টোবৰত পাকিস্তানৰ হাতত বিৰাট কোহলীৰ ভাৰতীয় দল ১০ উইকেটত পৰাস্ত হোৱাৰ পিছত নাফিচাই তেওঁৰ ৱাটছএপ ষ্টেটাছত লিখিছিল, ‘জিত গ্যায়ে…. উই ৱান’। লগতে পাকিস্তানৰ ক্রিকেটাৰসকলৰ ছবিও দিয়ে। এই ৱাটছএপ ষ্টেটাছ তেওঁৰ কোনো এজন ছাত্রৰ পিতৃৰ দৃষ্টিত পৰে। তেওঁ বাকীসকললৈ সেয়া পঠাই দিয়ে। ইয়াৰ পিছত এইটো ভাইৰেল হৈ যায়।
নাফিচাৰ জে’ল হয়। লগতে স্কুলৰ চাকৰিটোও হেৰুৱাবলগা হয়।
অৱশ্যে ‘অপৰাধ’ৰ বাবে ক্ষমা বিচাৰে নাফিচাই। ৰাজস্থানৰ এটি টেলিভিছন চেনেলত তেওঁ কয়, ‘‘সেইদিনা এজনে মোৰ ষ্টেটাছ চাই ৱাটছএপতেই জানিব বিচাৰিছিল, মই পাকিস্তানক সমর্থন কৰিছো নেকি। লগতে কিছু হাঁহিৰ ইমজিও আছিল। ভাব হৈছিল লঘুভাৱে ধেমালি কৰি মোক এই প্রশ্ন কৰা হৈছে। ময়ো হাঁহি হাঁহিয়ে কৈছিলো ‘হ্যাঁ’। কিন্তু তাৰ মানেতো এইটো নহয় যে মই পাকিস্তানক সমর্থন কৰো। মই ভাৰতীয়। ভাৰতক ভালপাওঁ।’’
সম্প্ৰতি জামিনত মুক্তি পাই নাফিচা ঘৰতে স্বামী আৰু সন্তানৰ সৈতে আছে। চলি আছে আইনী যুঁজ৷













