![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ বিগত ছয়দিন ধৰি ১৫ হাজাৰৰ তলত আছে। মঙ্গলবাৰে সেয়া নামিছিল ১০ হাজাৰৰ ঘৰলৈ। বিগত ২৪ ঘণ্টাত সেয়া কিছু বাঢ়ি হৈছে ১১ হাজাৰ ৯০৩। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৩ লক্ষ ৮ হজাৰ ১৪০।]
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩১১ জনৰ। এতিয়ালৈকে দেশত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৫৯ হাজাৰ ১৯১ জনৰ। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৫১ হাজাৰ ২০৯ জন।













