![]()
নিউজ ডেস্কঃ
প্রথমতে আত্মঘাতী বিস্ফোৰণ, তাৰ পিছত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণ। সন্ত্ৰাসবাদী আক্ৰমণত পুনৰ ৰক্তাক্ত হ’ল আফগানিস্তানৰ ৰাজধানী কাবুল। মঙ্গলবাৰে দুপৰীয়া কাবুলৰ এক সেনা হস্পিটেলত সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হয় অতিকমেও ২৫ জনৰ। আহত বহু। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইএছ-কেই (খোৰাছন)।
তালিবানৰ মুখপাত্রই আক্ৰমণৰ কিছু পিছতে এক বিবৃতিত জনা যে আক্ৰমণকাৰী আটাইকেইজনকে হত্যা কৰা হৈছে। হস্পিটেলৰ মূল প্রৱেশপথত প্রথম বিস্ফোৰণৰ লগে লগেই তালিবান যোদ্ধাসকল ঘটনাস্থলীলৈ যায়।
মঙ্গলবাৰে দুপৰীয়া ১টা বজাত প্রথমে হস্পিটেলৰ প্রধান প্ৰৱেশদ্বাৰত নিজকে বিস্ফোৰণত উৰুৱাই দিয়ে এজন আত্মঘাতী সন্ত্ৰাসবাদীয়ে। সেই সুযোগতে হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰে আন কেইবাজনো বন্দুকধাৰী সন্ত্ৰাসবাদী। এজন বিদেশী সাংবাদিকে জনোৱা মতে, প্রথম বিস্ফোৰণৰ আধা ঘণ্টা পিছত হস্পিটেলৰ ঠিক বাহিৰত ৰখা বিস্ফোৰকভৰ্তি গাড়ীত বিস্ফোৰণ হয়। ধোঁৱাৰে আৱৰি পৰে কাবুলৰ আকাশ। অতি স্পর্শকাতৰ ‘গ্রিন জোন’ত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল সাময়িকভাবে।













