ASSAM TIMES POST
ডিব্ৰুগড়ঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ উদ্যোগত আৰু সন্মিলিত প্ৰয়াস গোষ্ঠীৰ সহযোগত ২১ ছেপ্তেম্বৰ তাৰিখে ‘ইতিবাচক চিন্তা আৰু কিতাপ পঢ়াৰ আন্দোলন’ শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত হয়।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডঃ বিজয় কৃষ্ণ চেতিয়া, ৰণদ্বীপ বৰা আৰু প্ৰদীপ গগৈ।

প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থকা কৰ্মশালাখনিৰ আৰম্ভণিতে সমল ব্যক্তিসকলক জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অধ্যক্ষা ৰুণু গগৈ সোণোৱালৰ দ্বাৰা আৰম্ভণি ভাষণ প্ৰদান কৰাৰ পাছতে সমল ব্যক্তি সকলে প্ৰায় ৩ ঘন্টা সময় বিষয় সন্দৰ্ভত আলোকপাত তথা প্ৰশিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰে।
কৰ্মশালাৰ লগত সংগতি ৰাখি ডিএলএড প্ৰথম ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰস্তুত ১০ খন হাতে লিখা আলোচনীও উন্মোচন কৰা হয়।













