ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত গান্ধী মণ্ডপত পোহৰ-শব্দৰ কাৰ্যসূচী (Light & Sound Show) আৰম্ভ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক শনিবাৰে আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত শনিবাৰে সন্ধিয়া সোণোৱালে গান্ধী মণ্ডপত উপস্থিত হৈ স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ইয়াত ৰূপায়ণ হৈ থকা কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
মুখ্যমন্ত্ৰীজনে তদুপৰি ইয়ালৈ অহা দৰ্শনাৰ্থীসকলে যাতে বিশুদ্ধ খোৱা-পানী আৰু শৌচ-প্ৰস্ৰাৱৰ সুবিধা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰে।
দৰ্শন কালত মুখ্যমন্ত্ৰীজনক সংগ দিয়ে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰমুখ্যে উচ্চ পদস্থ বিষয়াসকলে।
উল্লেখ্য, পৰ্যটক আৰু দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিবলৈয়ে মুখ্যমন্ত্ৰীজনে পোহৰ-শব্দৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ কৈছে।













