ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ দেশত পহিলা ছেপ্টেম্বৰৰপৰা প্ৰযোজ্য হোৱা নতুনকৈ সংশোধিত যান-বাহন আইন, ২০১৯ অতি শীঘ্ৰেই অসমতো প্ৰযোজ্য হ’ব। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ এটা উচ্চস্তৰীয় সূত্ৰই এই কথা সদৰী কৰিছে।

সূত্ৰটোৱে জনোৱা মতে আইনখন কাৰ্যকৰী কৰাৰ কাৰণতে দুই-এদিনতে অধিসূচনা জাৰি কৰা হ’ব। মূলতঃ ৰাজ্যত সংঘটিত বৰ্ধিত পৰিমাণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈকে এই আইনখন কাৰ্যকৰী কৰিবলৈ বিভাগটো আগবাঢ়িছে।
ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত এই আইনৰ প্ৰয়োগ হোৱাৰেপৰা নিয়ম উলংঘাকাৰী যান-বাহনৰ চালক কিম্বা গৰাকীক মোটা অংকৰ জৰিমনা বিহা হৈছে। এনে জৰিমনাক লৈ অসমৰ চালক, গৰাকীসকলো সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে যোৱা দিন কেইটাত।













