ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত অনুষ্ঠিতব্য ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৱেদন পত্ৰ আহ্বান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে।
এক প্ৰেছ বিজ্ঞপ্তিত এপিচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই জনোৱা অনুসৰি, ইচ্ছুক প্ৰাৰ্থীসকলে আৱেদন পত্ৰসমূহ (উকা কাগজত বাঅ’ডাটাসহ) অহা ২৩ ছেপ্টেম্বৰৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চাৰিটা সমষ্টি ক্ৰমে সোণাৰি, ৰাতাবাৰী, ৰঙাপৰা আৰু জনিয়াৰ সংশ্লিষ্ট জিলা কংগ্ৰেছ সমিতিসমূহক জমা দিব লাগিব।
জিলা কংগ্ৰেছ সমিতিয়ে সংশ্লিষ্ট বিধানসভা সমষ্টিকেইটাৰ ব্লক কংগ্ৰেছৰ সৈতে যুটীয়াভাৱে বৈঠকত মিলিত হৈ পেনেল প্ৰস্তুত কৰি ২৪ ছেপ্টেম্বৰত এইসমূহ প্ৰদেশ কংগ্ৰেছৰ সদৰলৈ প্ৰেৰণ কৰিব লাগিব।













