ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত শিৱসাগৰত পোষণ ৰথৰ শুভাৰম্ভ

ASSAM TIMES POST by ASSAM TIMES POST
September 22, 2019
Reading Time: 1 min read
A A
0
শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত শিৱসাগৰত পোষণ ৰথৰ শুভাৰম্ভ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

আছিফ আলি, শিৱসাগৰঃ জিলাখনত যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা মাহটোজোৰা পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে আজি পুৱা উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণৰ পৰা এক পোষণ ৰথৰ যাত্ৰাৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

WhatsApp Image 2019 09 22 at 2.56.02 AM | ASSAM TIMES POST

এই অনুষ্ঠান সন্দৰ্ভত আয়োজিত এক বৈঠকত উপস্থিত থাকি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা উদ্যোগ সমূহক প্ৰশংসনীয় বুলি উল্লেখ কৰে। এখন সবল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে পুষ্টিকৰ খাদ্য যোগানৰ দ্বাৰা শিশু আৰু মাতৃৰ সুস্বাস্থ্য সুনিশ্চিত কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ মতপোষন কৰে।

WhatsApp Image 2019 09 22 at 2.55.59 AM | ASSAM TIMES POST

শিক্ষামন্ত্ৰী গৰাকীয়ে নিজ বক্তব্যত শিশু আৰু মহিলা সকলৰ স্বাস্থ্যৰ বাবে দৰকাৰী পুষ্টিৰ বাবে দৰৱ, ভিটামিন, খাদ্য পৰিপূৰক (Food Supplement) -ৰ পৰিবৰ্তে সহজতে উপলব্ধ থলুৱা ফলমূল, খাদ্য আদি প্ৰদান কৰাৰ পোষকতা কৰে। এই সমূহ পুষ্টিকৰ তথা সহজতে উপলব্ধ হোৱাৰ লগতে ব্যয়বহুল নোহোৱা বাবে ৰাইজে অধিক আগ্ৰহী হ’ব বুলিও তেওঁ মন্তব্য কৰে।

WhatsApp Image 2019 09 22 at 2.55.56 AM | ASSAM TIMES POST

পিতৃ-মাতৃয়ে নিজৰ সন্তানক এনে খাদ্যৰ প্ৰতি অগ্ৰহী কৰি সুষম খাদ্যভ্যাস গঢ়ি তুলিব লাগে বুলিও মন্ত্ৰী গৰাকীয়ে কয়। তেওঁ কয় যে, সুষম খাদ্যই আমাক বহু ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে। তদুপৰি অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই কিশোৰী সকল পুষ্পিতা হোৱাৰ পিছত প্ৰয়োজনীয় স্বাস্থ্যৰ যত্ন, পৰিষ্কাৰ-পৰিচ্ছন্নতা (Menstrual Hygiene) আৰু চেনিটাৰী নেপকিন ব্যৱহাৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

WhatsApp Image 2019 09 22 at 2.55.57 AM | ASSAM TIMES POST

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শক্তিশালী, সবল আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰীকে আদি কৰি সংশ্লিষ্ট বিভাগ সমূহৰ মাজত সুসমন্বয়ৰ প্রয়োজন বুলি উল্লেখ কৰে।

WhatsApp Image 2019 09 22 at 2.56.00 AM | ASSAM TIMES POST

প্ৰধান মন্ত্ৰী গৰাকীৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে সকলোৱে হাতে-কামে মনোনিবেশ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। পোষণ ৰথৰ দৰে গ্ৰহণ কৰা পদক্ষেপ সমূহে ৰাইজৰ মাজত শিশু আৰু মহিলাৰ বাবে পুষ্টিৰ প্রয়োজনীয়তা সম্পৰ্কে সচেতনতা বৃদ্ধি আৰু জনজাগৰণ সৃষ্টিত অৰিহনা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

WhatsApp Image 2019 09 22 at 2.56.05 AM | ASSAM TIMES POST

বৈঠকত প্ৰদান কৰা আদৰণি ভাষণত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণণে পোষণ মাহৰ সকলো কাৰ্যসূচীৰ সফলতাৰে সম্পন্ন কৰি সমাজৰ পৰা পুষ্টিহীনতা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক পোষণ অভিযানক এক জন-আন্দোলন ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত জনসাধাৰণৰ পূৰ্ণ সহযোগিতা অপৰিহাৰ্য বুলি তেওঁ নিজ বক্তব্যত দোহাৰে।

WhatsApp Image 2019 09 22 at 2.56.06 AM | ASSAM TIMES POST

জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱীয়ে পোষণ মাহ উদযাপন উপলক্ষে জিলাখনত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে চমু আভাস দাঙি ধৰে।

উল্লেখ্য যে, এই পোষণ ৰথখনৰ মাধমেৰে আজি আৰু কাইলৈ জিলাখনৰ বিভিন্ন অঞ্চলত শিশু আৰু মহিলাৰ সৰ্বাংগীন বিকাশৰ বাবে পুষ্টিৰ প্রয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হ’ব।

WhatsApp Image 2019 09 22 at 2.56.03 AM | ASSAM TIMES POST

বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, সহকাৰী আয়ুক্ত মনালি প্ৰসাদ ৰজাক, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, স্বাস্থ্যকৰ্মী, স্বেচ্ছাসেৱী তথা ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

উল্লেখযোগ্য যে, সাংসদ গগৈয়ে জিলাখনত যোৱা ৩০ আগষ্টত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত দুৰ্ভাগ্যজনক ভাৱে প্ৰাণ হেৰুৱা চাৰিগৰাকী বন কৰ্মীৰ পৰিয়ালক আৰ্থিক সাহায্যও আগবঢ়ায়।

Tags: Featured
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx