ASSAM TIMES POST
গুৱাহাটীঃ ২০২৪ আৰু ২০২৮ চনত অনুষ্ঠিতব্য অলিম্পিক খেলত যোগ্যতা অৰ্জন কৰিব পৰাকৈ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানৰ অৰ্থে গুৱাহাটীত ক্ৰীড়া মন্ত্ৰণালয়ে নেশ্যনেল চেন্টাৰ্ছ অৱ এক্সেলেঞ্চ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সমান্তৰালভাৱে মণিপুৰতো এনে কেন্দ্ৰ স্থাপন কৰিব মন্ত্ৰণালয়টোৱে। উত্তৰ-পূৰ্বাঞ্চলৰ এই দুই স্থানৰ বাহিৰে দেশৰ আন আন প্ৰান্তত মুঠ ২০ টা এনেধৰণৰ কেন্দ্ৰ স্থাপন কৰা হ’ব।
ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পল্টন বজাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ কেন্দ্ৰটোতে এই ব্যৱস্থা কৰা যাব। একেদৰে মণিপুৰৰ ইম্ফলস্থিত ক্ৰীড়া প্ৰাধিকৰণৰ কেন্দ্ৰতে উক্ত ব্যৱস্থা কৰা হ’ব। এনে কেন্দ্ৰসমূহ, প্ৰতিভাৱান খেলুৱৈসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকে অলিম্পিকত যোগ্যতা অৰ্জন কৰালৈকে দায়বদ্ধ থাকিব।













