ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যত শীঘ্ৰেই জীৱ-জন্তুৰ বাবে প্ৰৱৰ্তন কৰা হ’ব এম্বুলেঞ্চ সেৱা। দেওবাৰে গুৱাহাটীত এই কথা কয় কৃষি, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই। তেওঁ জনোৱা অনুসৰি ১০৮ এম্বুলেঞ্চ সেৱাৰ দৰে অসম চৰকাৰে পশুধনৰ বাবেও একে সেৱা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিব।
সেয়ে প্ৰথম পৰ্যায়ত ৬ খন এম্বুলেঞ্চ থাকিব। এম্বুলেঞ্চত থাকিব পশু চিকিৎসক, চিকিৎসা কৰ্মী আদি। তেওঁ লগতে কয় যে যদি ইয়াত সফলতা লাভ কৰা হয়, তেন্তে সমগ্ৰ ৰাজ্যজুৰি এই ব্যৱস্থা সম্পূৰ্ণৰূপে কৰা হ’ব।
এনে এম্বুলেঞ্চে অনগ্ৰসৰ অঞ্চলৰ জীৱ-জন্তু, অসুখীয়া জীৱ-জন্তু বা আহত জীৱ-জন্তুক পশু চিকিৎসালয়লৈ আনিব বা থলীতে চিকিৎসা প্ৰদান কৰিব।













