ASSAM TIMES POST
ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাত এক আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ৰঙাপৰা ৰে’লৱে ৰাজহুৱা নামঘৰ সোনালী জয়ন্তী উদযাপন সমিতিয়ে ৰে’লৱে ইনষ্টিটিউট ভৱনত স্বৰ্গীয় মহেন্দ্ৰ গায়ন সোঁৱৰনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আজি দিনৰ ১০ বজাত অনুষ্ঠিত প্ৰতিযোগিতাটি আঁত ধৰে অসীম ডেকাই।
অনুষ্ঠানটিত সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুনীন বৈশ্য, ৰঙাপৰা ৰে’লৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ আৰ.কে. প্ৰসাদ, সুব্ৰত দত্ত, সুৰেন্দ্ৰ চাহ, বিশিষ্ট সমাজ কৰ্মী বলেন চক্ৰৱৰ্তী, ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল ম’ৰ আৰু সাংবাদিক ছাজাহান ছেলিম কুৰেছীয়ে অংশগ্ৰহণ কৰে।
পুতুল নাথ আৰু ৰিনি মিশ্ৰই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাটিত মুঠ ৪৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসমৰ লোক সংস্কৃতি আৰু অসমৰ ইতিহাসৰ ওপৰত আধাৰিত প্ৰতিযোগিতাটি শুভাৰম্ভ কৰোতে শংকৰদেৱ শিশু নিকেতনৰ শিক্ষয়িত্রী ৰিনি মিশ্ৰই কয় যে, নামঘৰ আৰু সত্ৰৰ পৰাই সৃষ্টি অসমীয়া সংস্কৃতি। প্ৰতিযোগিতাত ৫ম মানৰ পৰা ১০ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
বিজয়ী প্ৰতিযোগিসকলক সোনালী জয়ন্তী উদযাপনৰ দিনা পুৰস্কৃত কৰা হ’ব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।













