নগাঁও মহাবিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
ASSAM TIMES POST
নগাঁওঃ ৰাজ্যখনৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গোট ‘সতীর্থ ১৯৮২-৮৭’ৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এখন তোৰণ। মহাবিদ্যালয় চৌহদৰ দক্ষিণ-পশ্চিম দিশৰ বিজ্ঞান ভৱনৰ কাষত নৱনিৰ্মিত এই তোৰণখন আজি শুভ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয় মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
এই উপলক্ষে আজি মহাবিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগৰ ডিজিটেল সভাকক্ষত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গোট ‘সতীর্থ ১৯৮২-৮৭’ৰ সভাপতি সুৰজিৎ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মাই ৬.৫ লাখ টকা ব্যয় সাপেক্ষে মহাবিদ্যালয়ৰ তোৰণখন নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ গোটটোৰ শলাগ লয়।

নগাঁও চহৰৰ সৌন্দর্যবৰ্ধনত এই তোৰণখনে এক উল্লেখনীয় ভুমিকা গ্ৰহণ কৰিব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে। আনহাতে অহা ২১,২২ আৰু ২৩ ডিচেম্বৰত অনুষ্ঠিত হবলগা নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সমাপন অনুষ্ঠান বিস্তৃত ৰূপত উদযাপন কৰা হ’ব বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই ইয়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।
সভাত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে মহাবিদ্যালয় চৌহদৰ তোৰণ নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গোটক কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত মহাবিদ্যালয়খনৰ অৱসৰপ্রাপ্ত অধ্যাপক বিপুল কটকী, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ৰামপ্ৰসাদ পাউৰেল, অধ্যাপক ড০ ৰঞ্জন ভৰালী, শৈলেন শৰ্মা,প্ৰাক্তন কৰ্মচাৰী সোনাৰাম শইকীয়াৰ লগতে ‘সতীর্থ ১৯৮২-৮৭’ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন গোটে কোনো বৰেণ্য ব্যক্তিৰ স্মৃতিত প্ৰতিমূৰ্তি অথবা স্থায়ী স্মাৰক নিৰ্মাণেৰে এনেদৰে কলেজীয়া দিনৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰিছে। তোৰণখনৰ উদ্বোধন উপলক্ষে ‘সতীর্থ ১৯৮২-৮৭’ সদস্যসকল আজি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি মহাবিদ্যালয়খনত সমবেত হৈ এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে।
উল্লেখ্য, প্ৰাক্তন ছাত্ৰ গোটটোৰ সদস্যসকলে নিজৰ ফালৰ পৰা বৰঙণি আগবঢ়াই তোৰণখন নিৰ্মাণ কৰি উলিয়াইছে। তোৰণ নিৰ্মাণৰ ক্ষেত্ৰত সুৰজিৎ গোস্বামী, সীমান্ত কাশ্যপ, সত্যেন শইকীয়া, ৰাতুল ৰাজখোৱা, ধ্ৰুৱজ্যোতি বৰুৱাই বিশেষ তৎপৰতা প্রদর্শন কৰা পৰিলক্ষিত হয়।













