ASSAM TIMES POST
নগাঁওঃ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা অনুষ্ঠিত হৈ থকা ৰাজ্য খনৰ সাংবাদিক সকলৰ অন্যতম মঞ্চ অসম বাৰ্তাজীৱী সংঘৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ দেওবাৰে বিয়লি সামৰণি পৰে।
অধিবেশনৰ আজি সামৰণিৰ দিনা পুৱাৰ ভাগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিদৰ্শন কৰে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলে। থান পৰিদৰ্শনৰ অন্তত সাংবাদিক সকলে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত এক অন্তৰংগ আলাপতো মিলিত হয়।
বিয়লি ১ বজাৰ পৰা নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা।মুকলি সভা খন উদ্বোধন কৰি দিয়া ভাষণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা অধিবেশনৰ অদৰণি সমিতিৰ সভাপতি ৰূপক শৰ্মাই কয়,”সমাজ গঠনত সাংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে দেশৰ বা সমাজৰ সকলো ধৰণৰ সামাজিক ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰশাসনিক আদি বিষয়ত সদায়ে যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে।
তদুপৰি বিভিন্ন ক্ষেত্ৰত হোৱা অন্যায়, দূৰ্নীতি-অনিয়ম আদি ৰোধ কৰাৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ ভূমিকা উল্লেখ্যনীয়।” নাগৰিকৰ বাক স্বাধীনতাকে ধৰি সকলো ধৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে সাংবাদিক সকলে উল্লেখ্যনীয় দায়িত্ব পালন কৰি আহিছে বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই সংবাদ ক্ষেত্ৰখনৰ লগত নিজকে জড়িত থকাৰ কথা উল্লেখ কৰে।
বিধায়ক শৰ্মাই কয় ,” এতিয়া সংবাদ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন হৈছে। আধুনিক প্ৰযুক্তিবিদ্যাই তৎমুহূৰ্ততে যিকোনো খবৰ বা সংবাদ আমি লাভ কৰিবলৈ সক্ষম হৈছো। এনে পৰিবৰ্ত্তনৰ বাবেই সংবাদ ক্ষেত্ৰৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ দ্বায়িত্ব পূৰ্বতকৈ বাঢ়িল।” ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে বৰ্তমানৰ চৰকাৰে সাংবাদিক সকলৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে।
অসম বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে কয় যে সংবাদ মাধ্যমে সমাজক এক সঠিক পথৰ নিৰ্দেশনা দি আহিছে। সাংবাদিক সকলক সচেতন নাগৰিক বুলি অভিহিত কৰি অধ্যক্ষ ডঃ বৰকটকীয়ে আৰু কয়,”সাংবাদিক সকলে অতি কষ্টৰে সমাজৰ স্বাৰ্থত বা-বাতৰি সংগ্ৰহ কৰি জনসাধাৰণৰ মাজলৈ নি গুৰু দায়িত্ব পালন কৰি আহিছে।” সভাত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া সমৰ কলিতায়েও অংশ গ্ৰহণ কৰে।
আদৰণি ভাষন প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি কনক হাজৰিকাই। সভাতেই অসম বাৰ্তাজীৱী সংঘই প্ৰকাশ কৰা মুখপত্ৰ “বাৰ্তাজীৱী” উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই। সভাই এক প্ৰস্তাৱ যোগে সাংবাদিক সকলৰ স্বাধীনতা খৰ্ব নকৰাকৈ সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ বাবে মিডিয়া ৰেগুলেটৰি অথৰিটি গঠন কৰিবলৈ চৰকাৰক দাবী জনায়।
তদুপৰি সভাই সংবাদ মাধ্যমৰ সাংবাদিক মৰ্যদা আৰু সুৰক্ষা প্ৰদান কৰা আৰু মাজেথিয়া দৰমহা বৰ্ডৰ পৰামৰ্শাৱলী ৰূপায়নৰ বাবে দৰকাৰক দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইপিনে কালি সন্ধিয়া সংঘৰ সভাপতি কেশৱ কলিতাৰ সভাপতিত্ব অনুষ্ঠিত প্ৰতিনিধি সভা মুকলি কৰে নগাঁও জিলাৰ জিলা উপায়ুক্ত যাদৱ শইকীয়াই।
সাংগঠনিক সম্পাদক ভাস্কৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনতেই আদৰণি সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “কলং ” উন্মোচন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে। প্ৰতিনিধি সভাত প্ৰতিনিধি সকলক আদৰণি জনায় আদৰণি সমিতিৰ সম্পাদক ভাস্কৰজ্যোতি মেধি আৰু নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অখিল চন্দ্ৰ দাসে।













