ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় একতা অভিযানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিক “সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল-ঐতিহাসিক ভুলৰ শুধৰণি” শীৰ্ষক এক বিশাল জনজাগৰণ সভা শিৱসাগৰ জিলাৰ অন্তৰ্গত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ২২ ছেপ্তেম্বৰ, দেওবাৰে অনুষ্ঠিত হোৱা উক্ত সভাত অসম চৰকাৰৰ শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যদেৱে মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰি তত্বগধুৰ বক্তব্য প্ৰদান কৰে ।

আনহাতে উক্ত বিষয়ৰ ওপৰত আলোকপাত কৰে ক্ৰমে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন শক্তিমন্ত্ৰী তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।
সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সচিব তথা উজনি অসম প্ৰভাৰী গীতাৰ্থ গোস্বামী, ৰাজ্যিক সম্পাদক ভৱেন্দ্ৰ নাথ মহন, মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত ডাঃলক্ষ্মণন এছ, শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, উপ-সভানেত্ৰী প্ৰণীতা বৰা ভূঞা, আৰ এচ এচৰ জ্যেষ্ঠ নেতা সুৰেশ শইকীয়া আদি ।













