ASSAM TIMES POST
গুৱাহাটীঃ অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত মন্তব্য, মতামত, পৰামৰ্শ প্ৰদানৰ সময়সীমা বৃদ্ধি কৰিছে এই সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিখনে। পূৰ্বে ইয়াৰ সময়সীমা ২০ ছেপ্টেম্বৰ আছিল যদিও শেহতীয়াকৈ এই সময়সীমা ৫ অক্টোবৰলৈ বঢ়াই দিয়া হৈছে। এই সমিতিখনৰ এটা সূত্ৰই জনোৱা অনুসৰি, এতিয়ালৈকে ইয়াকে লৈ ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে মতামত দাখিল কৰিছে। ইয়াৰ পৰিমাণ প্ৰায় ৪০০ হ’ব বুলি সূত্ৰটোৱে কয়। উল্লেখ্য যে এই উচ্চ পৰ্যায়ৰ সমিতিখনৰ নেতৃত্বত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা। সমিতিখনে অনাগত দিনসমূহত অসমবাসীৰপৰা অধিক মন্তব্য, মতামত আৰু পৰামৰ্শ আশা কৰিছে।













