ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ’ব, তাকে লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে উপ-সভাপতি কোন হ’ব তাকে লৈয়ো ব্যাপক চৰ্চা চলিছে। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ (মহানগৰ) জিলা সাহিত্য সভাৰ সভানেত্ৰী, অসম সাহিত্য সন্মিলনৰ বিষয়-ববীয়া, বিশিষ্ট লেখিকা তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীৰ নাম উপ-সভাপতিৰ পেনেলৰ শীৰ্ষত আছে। উল্লেখযোগ্য যে দেওবাৰে সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণবিধি বলবৎ কৰা হয়। অহা ১৫ ডিচেম্বৰত ইয়াৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে অসম সাহিত্য সভাৰ পৰৱৰ্তী দ্বি-বাৰ্ষিক অধিৱেশন মন্ত্ৰী ডঃ শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত শুৱালকুছিত অনুষ্ঠিত হ’ব।

ইতিমধ্যে ইয়াৰ বাবে মন্ত্ৰীজনে বিশেষ তৎপৰতা অৱলম্বন কৰাও পৰিলক্ষিত হৈছে। স্থানীয় বিধায়ক হিচাপে ডঃ শৰ্মাই কেবাবাৰো অধিৱেশন অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰাৰ সমান্তৰালভাৱে উদযাপন সমিতিৰ বিষয়-ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে, ডঃ শৰ্মায়ে তেওঁৰ মাতৃ যাতে এই অধিৱেশনৰ উপ-সভাপতিৰ আসনত বহিব পাৰে, তাৰ বাবে সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীক পোনপটীয়াকৈ যোগাযোগ ৰাখিছে বুলি জানিবপৰা গৈছে। তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথা এয়ে যে অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনখনি পূৰ্বে আন স্থানত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ডঃ শৰ্মাৰ জোৰতহে শুৱালকুছিতে অনুষ্ঠিত হ’ব বুলি তথ্য যোগান ধৰা সূত্ৰটোৱে দাবী কৰে। উল্লেখযোগ্য যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অসম সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।













