নিউজ ডেস্কঃ
ফুটৱর্কৰ পৰা ফুটষ্টেপ, সকলোতেই পাৰদর্শী বিৰাট কোহলি। সম্প্রতি ছচিয়েল মিডিয়া কঁপাইছে এটি ভিডিওই। তাত দেখা গৈছে নৃত্যত মত্ত বিৰাট। লগতে লিপছো মিলাইছে। ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰুৰ মিউজিক ভিডিওত দেখা গৈছে কোহলিক।
আইপিএলৰ ফ্ৰেন্সাইজিৰ থিম ছং ‘Never give up, don’t back down’ গানৰ তালে তালে নাচিছে বিৰাট কোহলিয়ে। অৱশ্যে তেওঁ অকলে নহয়, এবি ডি’ভিলিয়াৰ্ছ, গ্লেন মেক্সৱেল, দেবদত্ত পাড়িক্কাল, দীপক চাহাৰ, মহম্মদ চিৰাজেও তালত তা লমিলাইছে। এই মিউজিক ভিডিও ছচিয়েল মিডিয়াত পোষ্ট হোৱাৰ লগে লগেই ভাইৰেল হৈ যায়। লাইক, কমেণ্ট কৰিবলৈ আৰম্ভ কৰে নেটিজেনসকলে।