ASSAM TIMES POST
গুৱাহাটীঃ দেশৰ ন্যায়পালিকাৰ সৰ্বোচ্চ অনুষ্ঠান উচ্চতম ন্যায়ালয়ত প্ৰভাৱ বৃদ্ধি হৈছে অসমৰ। অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপ অধিষ্ঠিত হোৱাৰ পাছত সোমবাৰে গগৈয়ে আন এজন অসম সন্তানক ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱাক লৈ সম্প্ৰতি চৰ্চা চলিছে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সোমবাৰে শপত ল’লে অসম সন্তান হৃষিকেশ ৰয়ে। ইয়াৰ লগে লগে তেওঁ হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ পদত নিযুক্তি লাভ কৰা অষ্টমগৰাকী অসমীয়া।













