ASSAM TIMES POST
গুৱাহাটীঃ সোমবাৰে সম্ভাৱ্য হেলিকপ্টাৰ দুৰ্ঘটনাৰপৰা ৰক্ষা পৰিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা হৃষীকেশ গোস্বামী। জানিবপৰা মতে উত্তৰ লখিমপুৰৰ আকাশত তেওঁলোক দুয়ো উঠি যোৱা হেলিকপ্টাৰখনে প্ৰতিকূল বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায়। কিন্তু হেলিকপ্টাৰখনৰ পাইলটগৰাকীয়ে অতি বিচক্ষণতাৰে হেলিকপ্টাৰখন নিয়ন্ত্ৰণ কৰি উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰায়।
উল্লেখযোগ্য যে এই হেলিকপ্টাৰখন আছিল পৱনহংস নামৰ প্ৰতিষ্ঠানটোৰ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী হোৱাৰেপৰা সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ভিতৰতে চলাচল কৰিবলৈ হেলিকপ্টাৰৰ যোগান ধৰি আহিছিল এই পৱনহংসই। কিন্তু শেহতীয়াকৈ পৱনহংসৰ হেলিকপ্টাৰত কিছু ক্ৰুটিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ জীৱনলৈ ভাবুকি নামি অহাৰ আশংকাত ৰাজ্য চৰকাৰে এই দায়িত্ব আন এটা হেলিকপ্টাৰ সেৱা যোগানধাৰী প্ৰতিষ্ঠানক প্ৰদান কৰাৰ যো-জা চলাইছিল।
তত্ৰাচ, মুখ্যমন্ত্ৰীজনে কিয় পৱনহংসৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিলে তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ছমাহ পূৰ্বে যোৰহাটৰপৰা অৰুণাচল প্ৰদেশ অভিমুখী বায়ু সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আন আন মন্ত্ৰীসকলৰো হেলিকপ্টাৰ ভ্ৰমণত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছিল।













