ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ গোলাঘাট কৃষি বিকাশ কেন্দ্ৰ আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বোকাখাতৰ খতিয়াখলি তেজীমলা মহিলা সমিতিৰ কাৰ্যালয়ত দুদিনীয়াকৈ মহিলা স্বনিয়োজন আৰু ইয়াৰ পৰা লাভ কৰিব পৰা সুবিধা সমূহৰ বিষয়ে যোৱা ২০ আৰু ২১ চেপ্তেম্বৰত এক প্ৰশিক্ষণ সম্পন্ন হৈ যায়।
বোকাখাত মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যাণ দাসৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচীৰ আৰম্ভণি ভাষণ প্ৰদান কৰে আৰক্ষী বিষয়া গৰাকীয়ে। স্ব-নিৰ্ভৰশীলতাৰ লগতে আৰক্ষী আৰু সৰ্বসাধাৰণৰ মাজত এক সু-সম্পৰ্কৰ সাঁকো ৰচনাৰ বাবেই এনে কাৰ্যসূচীৰ উদ্যোগ লোৱা হৈছে বুলি বিষয়া গৰাকীয়ে কয়।

৫০ গৰাকী মহিলাই ভাগ লোৱা প্ৰশিক্ষণত জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড° এফ ইউ আৰ আহমেদ, বিজ্ঞানী ড° ভৈৰৱ গগৈ, কৃষ্ণাক্ষী বৰা, ড° প্ৰণীতা দাস, আৰ চি নেওগ আৰু মন্দিৰা বৰবৰাই অংশ গ্ৰহণ কৰে।
মমতা গগৈ আৰু বন্দনা দত্তৰ সহযোগত জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে। খতিয়াখলিৰ মহিলা সকলৰ প্ৰত্যাশিত সহযোগিতাক প্ৰশংসা কৰি প্ৰতিগৰাকী বিজ্ঞানীয়ে নিজৰ বক্তব্যত এই সকল মহিলাক সহায় কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰ দায়বদ্ধ বুলি দোহাৰে।













