ASSAM TIMES POST
বোকাখাতঃ বজাৰ গৃহ নিৰ্মাণ, কম্পিউটাৰ শিক্ষা ব্যৱস্থা, চৌহদৰ দ অংশ মাটিৰে পূৰুৱা, ঋণ প্ৰদান, সদস্য নৱীকৰণৰ বাৰ্ষিক পৰিকল্পনা, মিনি চিনেমা হল, মাইক্ৰ বীমা, নিজা ব্যৱসায় বিক্ৰী কেন্দ্ৰ আদি দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰস্তাৱেৰে যোৱা ২১ চেপ্তেম্বৰত কুৰুৱাবাহী গোপালদেৱ নাট্য মন্দিৰত কুৰুৱাবাহী সমবায় সমিতিৰ ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক সভা সম্পন্ন হৈ যায়। বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত আঁঠ শতাধিক অংশীদাৰৰ উপস্থিতিত এই সিদ্ধান্ত সমূহ গৃহিত হয়।
সভাৰ আঁত ধৰে সম্পাদক সঞ্জীৱ দাসে, প্ৰতিবেদন পাঠ কৰে জ্যেষ্ঠ কৰ্মচাৰী হিতেন দত্তই। জিলা সমবায় বিভাগৰ বিষয়া ইমতাজ আহমেদ পৰ্য্যবেক্ষক হিচাপে উপস্থিত থকা সভাত বক্তব্য প্ৰদান কৰি গোলাঘাট জিলা পৰিষদৰ উপ সভাপতি ৰশ্মি কাকতিয়ে কুৰুৱাবাহী সমবায়ৰ উজ্জ্বল কামনা কৰে। হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষক অমূল্য ডেকাই। আনগৰাকী হিচাপ পৰীক্ষক জীৱন শইকীয়াই হিচাপ সন্দৰ্ভত গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই ১৯৭১ চনতে স্থাপিত সমবায়খনে ১৯৭৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পৰা অসমৰ সৰ্বশ্ৰেষ্ঠ সমবায়ৰ সন্মান লাভ কৰা, ছাত্ৰ ছাত্ৰীৰ বহী তথা পৰিয়ালৰ বাবে কাপোৰ ক্ৰয় কৰাৰ ইতিহাস ব্যাখ্যা কৰি কয় যে বৰ্তমান সময়ৰ পৰিবৰ্তনৰ সৈতে খাপ খুৱাই আধুনিক চিন্তা চৰ্চাৰে পৰিকল্পনা গ্ৰহণ কৰি ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান সমবায়খনে অন্ত্যোদ্যয় আঁচনিৰ ৩৫৯.১০ কুইণ্টল চাউল আৰু ১০২৬ গৰাকী হিতাধিকাৰীক, অগ্ৰাধিকাৰ (priority) ভিত্তিত ২১৩১.৬০ কুইণ্টল চাউল ১১,৮৭৭ পৰিয়ালক যোগান ধৰি আহিছে। তাৰোপৰি ৪৫ খন প্ৰাথমিক আৰু ১১ খন উচ্চ প্ৰাথমিক বিদ্যালয়লৈ মধ্যাহ্ন ভোছনৰ চাউল যোগান দিয়াৰ বিপৰীতে চৰকাৰৰ পৰা পাব লগীয়া ৩,২০,০০০ পৰিবহন ব্যয়ৰ মাত্ৰ ১,৭১,০০০ টকাহে পাইছে।
বিগত বছৰটোত সমিতিখনে ১,১০,৭৪,৯৮৮ টকাৰ ব্যৱসায় কৰিছে। এমাহৰ পূৰ্বে এখন ছয় চকীয়া ট্ৰাক ক্ৰয় কৰিছে। ট্ৰাকখনৰ পৰিচৰ্যা, চালকৰ দৰমহা, ইন্ধন আদি ব্যয়ৰ পিছতো এমাহত ২১ হাজাৰ টকা লাভ হোৱা বুলিও জানিবলৈ দিয়ে। সভাত প্ৰাক্তন পঞ্চায়ত সভাপতি সীমান্ত শইকীয়া, কাউঞ্চিলৰ শৰৎ শইকীয়াইও বক্তব্য প্ৰদান কৰে। কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি ৰূপা বৰা, প্ৰাক্তন সভাপতি হীৰা গগৈ, অভিকৰ্তা সন্থাৰ সভাপতি বুবুল বৰা, জ্যেষ্ঠ শিক্ষক ৰোষেশ্বৰ শইকীয়া উপস্থিত থাকে। ইফালে পৰ্য্যবেক্ষক ইমতাজ আহমেদে আঁচনি সমূহ কাৰ্যকৰী কৰাত ৰাইজৰ সহযোগ বিচৰাৰ লগতে সমবেত বৃহৎ সংখ্যক অংশীদাৰকো কৃতজ্ঞতা জনায়।













