নিউজ ডেস্কঃ
বিগত বৰ্ষৰ আইপিএলত নিলামলৈ গৈছিল এই ৫ ক্ৰিকেটাৰ৷ কিন্তু এইবাৰ নিলামলৈ নোযোৱাকৈয়ে মূল্য একে কোবে বৃদ্ধি হ’ল কেইবা গুণো।
কলকাতা নাইট ৰাইডাৰ্ছৰ অলৰাউণ্ডাৰ ভেঙ্কটেশ আয়াৰক যোৱাবাৰ ২০ লাখ টকাত ক্ৰয় কৰিছিল কেকেআৰে৷ আয়াৰ এইবাৰ চুক্তিবদ্ধ হৈছে ৮ কোটি টকাত।
২০ লাখ টকাতে বিগত আইপিএলত ক্ৰয় কৰিছিল চেন্নাই ছুপাৰ কিংছে৷ তেওঁক এইবাৰ ৬ কোটি টকাত ৰাখিছে চেন্নায়ে ৷ আব্দুল চামাদকো বিগত আইপিএল নিলামত ২০ লাখ টকাত ক্ৰয় কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে। এইবাৰ তেওঁক ২০ গুণ বেছি দি ৪ কোটি টকাত ৰাখিছে হায়দৰাবাদে।
অর্শদীপো যোৱাবাৰ ২০ লাখ টকাত চুক্তিবদ্ধ হৈছিল পঞ্জাব কিংছ দলত। এইবাৰ তেওঁক পঞ্জাবে ৰাখিছে ৪ কোটি টকাত ৷
একেদৰে মায়াঙ্ক আগৰৱালক পঞ্জাব কিংছে ১ কোটি টকাত ক্ৰয় কৰিছিল। এইবাৰ তেওঁ ১২ কোটি টকাত চুক্তিবদ্ধ হৈছে পঞ্জাব দলত।