ষ্টাফ ৰিপ’ৰ্টাৰ
কোৰোনা মহামাৰীৰ প্রভাৱ ভাৰতবর্ষৰ লগতে অসমটো কিছু সাম কটাৰ ফলত চৰকাৰে ৫০ শতাংশ দর্শকৰ উপস্থিতিৰে চিত্রগৃহসমূহ খোলাৰ অনুমতি প্রদান কৰাটো লাভজনক নহ’লেও চলচ্চিত্র নির্মাতাসকলৰ বাবে আশাব্যঞ্জক পৰিগণিত হৈছে যাৰ পৰিপ্রেক্ষিতত মুক্তিৰ অপেক্ষাত থকা কেইবাখনো অসমীয়া ছবিয়ে এতিয়া চিত্রগৃহত মুক্তিৰ দিন ঘোষণা কৰা দেখা গৈছে । তেনে এখন নির্মাণৰ সকলো দিশ সামৰি মুক্তিৰ অপেক্ষাত থকা পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবি হৈছে ‘চন্দ্রাৱলী’ । শেহতীয়াকৈ গুৱাহাটীৰ জ্যোতি চিত্রবন প্রেক্ষাগৃহত কেইবাগৰাকীও চলচ্চিত্রজগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ছবিখনৰ প্রিমিয়াৰ সুকলমে অনুষ্ঠিত হয় ।
এ বি ফিল্ম প্রডাকচনৰ বেনাৰত নির্মিত উক্ত ছবিখনৰ কাহিনী, চিত্রনাট্য, সংলাপ তথা পৰিচালনা যোৰহাট নিবাসী প্রতিস্থিত নাট্যকাৰ, চিত্রনাট্যকাৰ, অভিনেতা তথা পৰিচালক বলীন শর্মাৰ, প্রযোজনা সহায়ক শেৱালি শর্মা, মালামনি গোস্বামী আৰু লীনা শর্মা । পৰিচালকে জানিবলৈ দিয়া মতে, ‘চন্দ্রাৱলী’ ছবিখন মূলতঃ পৰিয়ালকেন্দ্রিক য’ত নৱ-প্রজন্মৰ প্রেম, আদর্শগত সংঘাত প্রস্ফুটিত হ’ব । কলেজৰ এছাম উদণ্ড ছাত্র-ছাত্রীৰ কর্ম-কাণ্ডৰ বিপৰীতে সততাৰে জীৱন গঢ়িবলৈ বদ্ধপৰিকৰ ছাত্র-ছাত্রীৰ মানসিকতা ছবিখনত প্রতিফলিত হ’ব যি নিজৰ পিতৃৰ বিৰুদ্ধেও প্রয়োজনত কঠোৰ হোৱা চৰিত্রটিৰ মাজত দেখা যাব । আকৌ কাহিনীৰ এক ৰহস্যময় দৃশ্য উন্মোচিত হ’ব নায়ক-নায়িকাৰ প্রেমৰ মাজেৰে যিয়ে ছবিখনক এক সুকীয়া মাত্রা প্রদান কৰিব ।
ছবিখনৰ গুৰুত্বপূর্ণ চৰিত্রসমূহ ৰূপায়ন কৰিছে ক্রমে দেৱজিত মজুমদাৰ, ৰাজীৱ গোস্বামী, দিগন্ত বৰুৱা(ৰন্তু), মোহময়ী অভিনেত্রী অমৃতা গগৈ, ৰাতুল শর্মা, অতনু কাশ্যপ, পল ফুকন, মনিষা ৰাগিনী, পৱিত্র বৰুৱা, ৰাজ ভৈৰৱ, জুৰি শর্মা, জেতবন বৰুৱা, দ্বিজেন বৰুৱা, আলোক বৰুৱা, দিব্য ভৰালী, নন্দিতা হাজৰিকা, শশাংক শেখৰ শর্মা, পার্থপ্রতিম বৰুৱা, দীক্ষিতা কলিতা, স্নিগ্ধা বৰুৱা, স্নিগ্ধা মহন্ত, গোলেশ্বৰ বৰা, চঞ্চল জ্যোতি বৰদলৈ, ৰঞ্জন শর্মা, ভাস্কৰ জ্যোতি গোস্বামী, ৰাজদীপ কলিতা, অভিনৱ গোস্বামী, অংকুৰ শইকীয়া, দীপক কলিতা, ৰিতুৰাজ বৰা, পার্থ বৰা, মেঘজ্যোতি গগৈ, অসীমা দাস, পম্পী, অমৰজিত লাহন, উৎপল, বর্ণীল ভাস্কৰ, কৃষ্ণ, অৱিনাশ মেধি, স্নেহা বৰদলৈ আদিয়ে । ছবিখনৰ গীতকেইটিত কণ্ঠ নিগৰাইছে জুবিন গার্গ, সুবাসনা দত্ত, গীতালি আৰু প্রকৃতি শর্মাই, আৱহ-সংগীত পলাশ গগৈৰ । ছবিখনৰ সংগীত ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হৈছে ।
অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন মনোৰম লোকেচনত ছবিখনৰ দৃশ্যগ্রহণ কৰিছে কৃষ্ণ শ্বাহ-এ, নৃত্য-নির্দেশনা শান্তুমণি শর্মা আৰু উদয় শংকৰ দত্তৰ, সম্পাদনা অসীম শর্মাৰ, সাজসজ্জা প্রতীক শর্মাৰ আনহাতে ৰূপসজ্জা আকাশ গগৈৰ । ছবিখনৰ মুখ্য সহকাৰী পৰিচালক পৱিত্র খাউণ্ড আৰু মৃণাল ডেকা, সহকাৰী পৰিচালক প্রাঞ্জুপ্রিন্স কলিতা আৰু কল্লোল বণিয়া আনহাতে প্রযোজনা নিয়ন্ত্রক চঞ্চলজ্যোতি বৰদলৈ আৰু শশাংক শেখৰ শর্মা । প্রযোজকে জানিবলৈ দিয়া মতে, ছবিখন চলিত বর্ষৰ ৩ ডিচেম্বৰত সমগ্র অসমৰে চলচ্চিত্রগৃহত মুকলি কৰি দিয়া হ’ব । দীর্ঘদিন বিৰতিৰ অন্তত যোৰহাটৰ পৰা নির্মাণ কৰা ছবিখনক লৈ সকলোৱে আশাৰে বাট চাইছে ।