ASSAM TIMES POST
নগাঁওঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে দেৱী দুৰ্গাক আদৰিবৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁওবাসীও ব্যস্ত হৈ পৰিছে। নগাঁও চহৰৰ শণি মন্দিৰ পূজা কমিটিয়ে এইবাৰ মচুৰ দাইলেৰে নিৰ্মান কৰি উলিয়াব দুৰ্গা প্ৰতিমা আৰু মণ্ডপ।
শণি মন্দিৰ পূজা কমিটিয়ে নামঘৰৰ আৰ্হিত নিৰ্মান কাৰ্য চলাই আছে পূজা মণ্ডপৰ। নগাঁৱৰ স্থানীয় শিল্পী অচ্যুৎ শইকীয়া আৰু তেওঁৰ পত্নী জ্যোতিৰাণী শইকীয়াই নিৰ্মাণ কৰি থকা এই প্ৰতিমাত এতিয়ালৈকে প্ৰায় ১ কুইণ্টল মচুৰ দাইল ব্যৱহাৰ হৈছে। তেওঁলোকৰ মতে মণ্ডপ আৰু প্ৰতিমা সাজু হৈ উঠিবলৈ আৰু প্ৰায় ৩ কুইণ্টল মচুৰ দাইলৰ প্ৰয়োজন হ’ব।
পূজামণ্ডপ নিৰ্মান কৰোতে এতিয়ালৈকে প্ৰায় ৩ লাখ টকা ব্যয় হৈছে। উল্লেখযোগ্য যে অনাগত দুৰ্গোৎসৱৰ ৩-৪ দিন পূৰ্বে নগাঁৱৰ শণি মন্দিৰৰ মচুৰ দাইলেৰে নিৰ্মিত হ’ব লগা পূজা মণ্ডপ তথা প্ৰতিমা সম্পূৰ্ণ ৰূপে সাঁজু হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে দুৰ্গা পূজা কমিটিয়ে। উল্লেখ্য নগাঁও চহৰত এইবাৰ দুই শতাধিক দুৰ্গা পূজা সমিতিয়ে পূজা উদযাপন কৰিব।













