ASSAM TIMES POST
গুৱাহাটীঃ দেশৰ ১০টাকৈ বেংকক লগ-লগাই ৪ টা কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে কেইবাটাও বেংক সংগঠনে একেৰাহে ঘোষণা কৰা দুদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা হৈছে।
বিত্তমন্ত্ৰীৰ সচিবে বেংক বিষয়া সন্থাই উত্থাপন কৰা দাবী–আপত্তিসমূহ বিশ্লেষণ কৰাৰ আশ্বাস দিয়াতে এই কাৰ্যসূচী বাতিল কৰা হয়। প্ৰসংগক্ৰমে অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত ধৰ্মঘট ঘোষণা কৰিছিল বেংক সংগঠনসমূহে।
মন কৰিবলগীয়া কথাটো হ’ল যে অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰৰ বাৰ দুটা আছিল ক্ৰমে বৃহস্পতি আৰু শুকুৰবাৰ। ইফালে ২৮ ছেপ্টেম্বৰ মাহটোৰ চতুৰ্থটো শনিবাৰ আৰু দেওবাৰৰ দিনটো বন্ধৰ দিন হোৱা হেতুকে দুৰ্গাপূজাৰ প্ৰাকক্ষণত একেৰাহে ৪ দিন বেংকসমূহ বন্ধ হৈ পৰিব বুলি গ্ৰাহকসকল চিন্তিত হৈছিল।













