ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰাৰ লগে-লগে ৰাতাবাৰী সমষ্টিটো অহা ২১ অক্টোবৰত ভোটদান পৰ্ব সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে কৰিমগঞ্জ জিলা প্ৰশাসন।
এই সম্পৰ্কত কৰিমগঞ্জৰ উপায়ুক্ত এম এছ মণিবণনে সংবাদ মাধ্যমত কয় যে সমষ্টিটোত ১ লাখ ৬১ হাজাৰ ৭৩২ ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হ’ল ৮৪ হাজাৰ ৬৩৭ জন।
ইফালে মহিলা ভোটাৰৰ সংখ্যা ৭৭ হাজাৰ ৯৫ গৰাকী। সমষ্টিটোৰ মুঠ ২০২ টা কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ’ব। প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে অহা ৩০ ছেপ্টেম্বৰলৈকে মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পাৰিব।
আনহাতে ১ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। একেটা প্ৰসংগতে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেবৰয়ে কয় যে নিকা আৰু স্বচ্ছ নিৰ্বাচনৰ অৰ্থে সমষ্টিটোত আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব।













