ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ শিৱসাগৰৰ এসময়ৰ আগশাৰীৰ ব্যৱসায়ী প্ৰয়াত নবীন মোহন ভাগৱতীৰ পত্নী তথা ধৰ্মপ্ৰাণ মহিলা ৰেণু ভাগৱতীৰ ২৩ ছেপ্টেম্বৰত পুৱা ৭-৩০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত বাৰ্ধক্যজনিত কাৰণত ৮৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়৷
ৰেণু ভাগৱতী এগৰাকী অমায়িক, ধৰ্মপ্ৰাণ আৰু সমাজ হিতৈষী মহিলা আছিল৷ তেওঁ বাৰোৱাৰী পূজা কমিটি আৰু সনাতন ধৰ্ম নামঘৰৰ সৈতে জড়িত আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাৰোৱাৰী পূজা কমিটি, বাৰোৱাৰী মহিলা মঞ্চ, ৰংপুৰ মহিলা চৰা, বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰ আৰু বহু গুণমুগ্ধই নিজা বাসভৱনত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
মৃত্যুৰ সময়ত ৰেণু ভাগৱতীয়ে তিনি জন পুত্র, তিনি গৰাকী বোৱাৰী আৰু নাতি-নাতিনীসহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে৷ বিয়লি বহুতো গুণমুগ্ধৰ উপস্থিতিত থানামুখৰ শান্তিবন শ্মশানত ৰেণু ভাগৱতীৰ শেষ কৃত্য সম্পন্ন কৰা হয়৷
আনফালে ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যুত শিৱসাগৰ জিলা শিল্পী সমাজ-অসম, সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদে সংবাদ মাধ্যমৰ যোগেদি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷













