নিউজ ডেস্কঃ
ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ৰেকৰ্ড গঢ়ে এজাজ পেটেলে। বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাবে টেষ্টৰ এটা ইনিংছত ১০ উইকেট দখল কৰে এজাজে। ইংলেণ্ডৰ জিম লেকাৰ আৰু ভাৰতৰ অনিল কুম্বলেৰ পিছত তৃতীয়গৰাকী বলাৰ হিচাবে এই কৃতিত্ব অর্জন কৰে তেওঁ।
এজাজক প্রশংসা কৰি কুম্বলেৰ টুইট, ‘আমাৰ ক্লাবলৈ তোমাক স্বাগতম এজাজ পেটেল। ভাল বল কৰিছা! টেষ্ট মেচৰ প্রথম আৰু দ্বিতীয় দিনা এনেদৰে দপদপাই থকাটো নিঃসন্দেহে অনবদ্য প্রচেষ্টা।’