ASSAM TIMES POST
গুৱাহাটীঃ মানুহে মানুহৰ বাবে কাম কৰিব নোৱাৰিলে মানৱ জীৱন কেতিয়াও ধন্য নহয়- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাজ্যৰ চাহ বাগিচাসমূহৰ চিকিৎসা ব্যৱস্থাৰ উন্নতিৰ অৰ্থে মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৬৫১ খন বাগিচাৰ চিকিৎসালয়ৰ বাবে বিনামূলীয়া ঔষধ আঁচনিৰ শুভাৰম্ভ কৰিয়েই মুখ্যমন্ত্ৰীজনে এই কথা কয়। ইয়াত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা প্ৰমুখ্যে কেইবাজনো সাংসদ-বিধায়ক। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে এই আঁচনিয়ে উচ্চ মানবিশিষ্ট ঔষধ প্ৰাপ্তিৰ ক্ষেত্ৰত সাধাৰণ লোক আৰু বাগিচাৰ লোকৰ মাজৰ পাৰ্থক্য নাইকিয়া কৰিব। ইফালে মন্ত্ৰী ডঃ শৰ্মাই কয় যে চাহ বাগিচাসমূহৰ সাম্প্ৰতিক সমস্যা দূৰ কৰাৰ অৰ্থে শীঘ্ৰেই তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এক আলোচনাত মিলিত হ’ব। উল্লেখ্য এই আঁচনিৰ অধীনত উক্ত পৰিমাণৰ চাহ বাগিচাসমূহৰ চিকিৎসালয়সমূহত ১৪২ বিধ অত্যাৱশ্যকীয় ঔষধ বিনামূলীয়াকৈ উপলব্ধ হ’ব।













