ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ নাৰীসকলক গৌৰৱান্বিত কৰি ভাৰতীয় সেনাৰ লেফেটেনেন্ট কৰ্ণেল হিচাপে শেহতীয়াকৈ অধিষ্ঠিত হয় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ জীয়ৰী তথা সেনা বিষয়া পনুং ডমিংগ।
উল্লেখ্য যে সেনাৰ এই সন্মানীয় পদত অধিষ্ঠিত হোৱা পনুং ডমিংগ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা। জানিবপৰামতে, তেওঁৰ ঘৰ অৰুণাচলৰ পূব চিয়াং জিলাৰ পাছিঘাটত।
২০০৫ চনত মহাৰাষ্ট্ৰৰ ৱালচান্দ কলেজ অৱ ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পন্ন কৰি পনুং ডমিংগে একে বৰ্ষতে কলকাতাত এল এণ্ড টি নামৰ কোম্পানীটোত যোগদান কৰিছিল। ইয়াত দুবছৰ কাম কৰাৰ পিছত ২০০৮ চনত তেওঁ ভাৰতীয় সেনালৈ নিৰ্বাচিত হয়।













