ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত থকা অফিচাৰ্ছ ক্লাবত শিৱসাগৰ প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত ২৩ ছেপ্তেম্বৰত এক বুনিয়াদী প্ৰশিক্ষণ(Basic training) অনুষ্ঠিত হয়। প্ৰশিক্ষণৰ শুভাৰম্ভণী কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নিয়ন্ত্ৰক ডাঃ লক্ষ্মণন এছ।
উপায়ুক্তই সকলোকে অভিবাদন জনোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত এক সাৰুৱা মন্তব্য ৰাখে। এই প্ৰশিক্ষণত ১০০ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, স্কাউটচ্ গাইডচ্, এনচিচি কেদাৰ, খণ্ড প্ৰতিপালক, কৰ্মচাৰী আদিয়ে ভাগ লয়। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই অনুষ্ঠান আঁত ধৰাৰ লগতে অসামৰিক প্ৰতিৰক্ষা আৰু দুৰ্য্যোগৰ ওপৰত বিষদ বিৱৰণৰ দাঙি ধৰে । লগতে তেওঁ অসামৰিক প্ৰতিৰক্ষাৰ বিষয়েও প্ৰশিক্ষাৰ্থী সকলক অৱগত কৰে।
আনহাতে উক্ত সভাত উপস্থিত থাকি শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত মহম্মদ আল আজাহাৰ আলীয়ে নিজৰ ভাষণ প্ৰসংগত, যি কোনো দুৰ্য্যোগ হ’লে নিজকে বচোৱাৰ লগতে আনকো কেনেকৈ বচাব পাৰি তাৰ ওপৰত সুন্দৰ মন্তব্য ৰাখে। সভাত মুখ্য প্ৰতিপালক প্ৰদীপ খেমকা, আঞ্চলিক প্ৰতিপালক (সংমণ্ডল ৱাৰ্ডেন) গোবিণ বৰা, স্তম্ভ প্ৰতিপালক (পোষ্ট ৱাৰ্ডেন) সঞ্জীৱ ফুকন, প্ৰতিপালক প্ৰবীণ বৰগোহাঁই, জেহিৰুদ্দিন খান, অমূল্য বৰুৱা ,এনচিচিৰ আৰিফা বেগম,বীনা গোস্বামী,ৰূপালী বৰুৱা, প্ৰশান্ত কুমাৰ অধ্যাপক, স্কাউটচ্ গাইড মাখন বৰা, পৱন বৰা, অংকুৰিমা বৰুৱা আদি উপস্থিত থাকে।
প্ৰতিপালক সঞ্জীৱ ফুকনে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰশিক্ষণ লৈ তেখেতৰ কি লাভ হৈছিল আৰু প্ৰশিক্ষণৰ যোগেদি মাকক বচোৱাৰ লগতে ৫ বছৰ কেনেকৈ বচাই ৰাখিছিল সেই বিষয়ত ন-শিকাৰু সকলক অৱগত কৰে। এই প্ৰশিক্ষণ প্ৰায় ৪৩ দিনৰ অন্ততঃ শেষ হ’ব বুলি উপ-নিয়ন্ত্ৰক প্ৰাণজিৎ দত্তই জানিবলৈ দিয়ে।













