ASSAM TIMES POST
নগাঁওঃ নগাওঁ আৰক্ষীয়ে আজি পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ, ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।
নগাওঁ আৰক্ষীৰ নগৰ শাখাই প্ৰথমে পানীগাঁও চাৰিখুটিৰ নজৰুল ওৰফে কালুৰ ঘৰৰ পৰা অভিযান চলাই ১৩৭ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে গোলাপ উদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।
একেদিনাই আৰক্ষীৰ দলটোৱে নগাঁৱৰ ছোটহয়বৰৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে দ্বীপন পাল নামৰ এজন লোকক আটক কৰে।













