![]()
স্বাস্থ্য প্ৰতিবেদন:
শিৰোনামাটো পঢ়ি কোনো কোনোজন হয়তো সচকিত হৈ উঠিব পাৰে৷ প্ৰেচাৰ, ছুগাৰ, কলেষ্টৰ’ল, মেদবহুলতা, গাউট (বৰ্ধিত ইউৰিক এচিড থকা) থকা লোকে কণী খোৱাটো সমীচিন হয়নে ? আন নিয়মীয়া স্বাস্থ্যৰ লোকে দিনে কেইটা কণী খোৱা উচিত ?
‘ছানডে হো য়া মনডে ৰোজ খাৱো অণ্ডে’ নাইবা ‘ৱান এগ এ ডে’ কিপ্ছ দ্য ডক্তৰ এৱে’- এনে শ্লোগান কিমানদূৰ সত্য? হাফ বইল বা কেঁচা কণী খোৱাটো নিৰাপদনে ? কণীৰ বগাখিনি ভালনে ভিতৰৰ হালধীয়াখিনি ভাল ? আকৌ দেখিবলৈ বগা কণীতকৈ মুগা বৰণৰ কণী বেছি গুণসম্পন্ন নেকি ? ফ্ৰাই, সিদ্ধ, গুড়ি ভাজি নে প’চড (poached) – কণী কেনেদৰে খোৱাটো বেছি স্বাস্থ্যসন্মত ? খোৱাৰ বাহিৰে আন কি কি কামত কণীৰ প্ৰয়োগ হয় ? কণীৰে বনোৱা কেক কাষ্টাৰ্ড বা পুডিং আপুনি খাই কেনে পায় ?
কণীৰ খোলাটো কিবা কামত আহেনে ? কণীৰ ভাল-বেয়া কেনেকৈ চিনাক্ত কৰিব ? বইল কণীৰ বাকলি কেনেকৈ সহজতে গুচাব ? মুৰ্গীৰ কণী আৰু হাঁহৰ কণীৰ ভিতৰত কোনবিধ বেছি ভাল ? কণীত স্বাস্থ্যৰ উপযোগী কি কি তত্ব থাকেনো ? পাঠকৰ মনত সচৰাচৰ উদয় হোৱা এই সম্ভাৱ্য কৌতুহলসমূহ সাঙুৰি এই আলোচনাটো আগবঢ়াব খুজিছোঁ৷
পোনতে কণীৰ বিষয়ে বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ আহক৷ যুগ যুগান্তৰ পৰা মানুহে বিভিন্ন পক্ষীৰ কণী ভক্ষণ কৰি আহিছে বুলি জনা যায়৷
অনুমানিক খ্ৰীষ্টপূৰ্ব ৭৫০০ৰ পৰা ভাৰত আৰু দক্ষিণ-পূব এছিয়াত সভ্যতাৰ ক্ৰমবিকাশৰ লগত সংগতি ৰাখি চিকাৰী আদিম মানুহে লাহে লাহে পক্ষী আৰু জীৱক পোহনীয়া কৰি পালিবলৈ আয়ত্ত কৰিলে৷চীন আৰু ইজিপ্তত খ্ৰীষ্টপূৰ্ব ১৫০০, গ্ৰীচ আৰু ইউৰোপত খ্ৰীষ্টপূৰ্ব ৮০০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ কলম্বাছে ১৪৯৩ চনত আমেৰিকাত ভাল প্ৰজাতিৰ মুৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷
বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷তাৰে সৰ্বোত্তমবিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷ ১৭ শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল৷ ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷ কানাডাৰ ব্ৰিটিচ কলম্বিয়াৰ জোচেফ কয়’লে ১৯১১ চনত ভঙা কণী বিষয়লৈ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ বিবাদ সমাপ্ত কৰিবলৈ কণীৰ কাৰ্টন আৱিষ্কাৰ কৰে৷ আজি বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হ’ল- চীন, আমেৰিকা, ভাৰত, জাপান আৰু ৰাচিয়া৷ কেৱল চীনৰ উৎপাদন ক্ষমতা বাকী চাৰিখন দেশৰ যোগফলৰ প্ৰায় দুগুণ৷
বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গৱেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷ ২০১২ চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে ‘বিশ্ব ডিম্ব দিৱস’ দেশে-বিদেশে পালিত হৈ আহিছে৷
আপুনি শুনি বিস্মিত হ’ব কণীৰ খোলাটোত আমি খালি চকুৰে মনিব নোৱৰা কেইবা শ (প্ৰায় ১৭০০) ক্ষুদ্ৰ ছিদ্ৰ থাকে৷ এই ছিদ্ৰইদি কাৰ্বন-ডাই-অক্সাইডৰ বহিৰ্গমন হয় অৰ্থাৎ জীৱন্ত কণীয়ে ইয়াৰ মাধ্যমেৰে শ্বাস-প্ৰশ্বাস লয়৷ খোলাৰ তলত দুখন পাতল জাল (মেমব্ৰেন) থাকে৷ মেমব্ৰেন দুখনৰ মাজত কিছু পৰিমাণে বায়ুকোষ থাকে৷ ইয়াৰ ভিতৰলৈ ক্ৰমে বগা এলবুমিনৰ তৰপ আৰু হালধীয়া কুহুমৰ তৰপ থাকে৷ কাচিৎ দুটা কুহুম নাইবা বিনা কুহুমৰো কণী ওলায়৷ সেয়া বিসংগতি৷
জলৰ বাহিৰে আমাৰ শৰীৰে আহৰণ কৰা আন খাদ্য তত্বসমূহক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ ১-মেক্ৰনিউট্ৰিয়েন্ট * প্ৰটিন, কাৰ্বোহাইড্ৰেট আৰু ফেট, ২- মাইক্ৰনিউট্ৰিয়েন্ট * ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট৷ কণী হ’ল এনে এবিধ প্ৰাকৃতিক উপাদন য’ত এই সকলোবোৰ তত্ব থাকে৷ এতিয়া পৃথকে পৃথকে কণীৰ ভিন্ন ভিন্ন অংশত কি থাকে জানো আহক৷
কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেচি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেছি৷ কণীৰ ভিতৰখন খাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ পিছত খোলাটোৰে নানাবিধ ঘৰত সজোৱা বস্তু কলাসন্মতভাৱে তৈয়াৰ কৰিব পাৰি৷কণীৰ খোলাৰ ৰং বগাই হওক বা মুগাই হওক, তাৰ গুণগত মান একেই থাকে৷
কণীৰ জুলীয়া বগা অংশটোৰ ৯০ শতাংশ হ’ল পানী৷ এই জুলীয়াখিনি হ’ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰ’টিন হ’ল এটা কণীত থকা মুঠ প্ৰ’টিনৰ অৰ্ধেক৷ কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰ’টিন থাকে৷কণীৰ এই প্ৰ’টিন হজম হ’বলৈ সময় লাগে৷
সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷ কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেট থাকে এক শতাংশৰো কম ৷ এটা ৫০ গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হ’ব ৩৩ গ্ৰাম৷
এটা ৫০ গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হ’ব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কছমেটিকত ব্যৱহৃত হয়৷ কুহুমত থাকে ফেট,কলেষ্টৰ’ল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি, ই, কে, এ)৷এটা কণীত থকা ৮০ কেল’ৰিৰ ৬০ কেল’ৰি আহে কুহুমৰ পৰা আৰু ২০ কেল’ৰি আহে এলবুমিন অংশৰ পৰা৷
কণীৰ উপকাৰিতাসমূহ :
প্ৰ’টিন আমাৰ মাংসপেশীৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল৷গৰ্ভৱতী মহিলাৰ ভ্ৰুণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ এমাইন এচিডে শৰীৰৰ ষ্টেমিনা বঢ়ায়৷
আমেৰিকাৰ কেমিকেল ছ’চাইটীয়ে ২০১৩ চনতে এটা বিজ্ঞপ্তিযোগে জনাইছিল কণীৰ এলবুমিনত থকা এবিধ তত্ব ৰক্তচাপ কমোৱাত সহায়ক হয়- ঠিক কম পৰিমাণৰ কেপ্টপ্ৰিল নামৰ দৰৱৰ ক্ৰিয়াৰ নিচিনাকৈ৷গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত কণী সহায়ক বুলি সিদ্ধ হৈছে৷
কণীত ভিটামিন-এ থকা বাবে চকুৰ দৃষ্টিশক্তিৰ নানাধৰণেৰে সহায়ক হয়৷ভিটামিন-ডিয়ে হাঁড়, চুলি আৰু নখক উপকৃত কৰে৷ বেছিকৈ শালমন লোৱাৰ লোকৰ বাবেও কণী উপকাৰী বুলি জনা যায়৷
অ’মেগা ৩ ফেটি এচিডে স্বাস্থ্যৰ উপকাৰী এইচ ডি এল বৃ্দ্ধি কৰে৷
হাৰ্ভাৰ্ড স্কুল অব্ পাব্লিক হেল্থৰ অধ্যয়নমতে কণীত থকা কেৱলিন নামৰ তত্বই তেজ চলাচল সূচাৰুৰূপে ৰাখি ষ্ট্ৰক (stroke ) হোৱাত বাধা দিয়ে৷ এটা কণীত থাকে ৩০০ মাইক্ৰগ্ৰাম কেৱলিন৷
কণীত থকা ৱাটাৰ চলিবল ভিটামিন-বি গোটৰ কলিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী সিদ্ধ হৈছে৷ কলিনে শৰীৰত হ’মচিষ্টিন নামৰ শৰীৰৰ বাবে ক্ষতিকাৰক তত্ববিধ সৃষ্টিত বাধা দিয়ে৷ হ’মচিষ্টিনৰ আধিক্যই আমাৰ শৰীৰৰ বিভিন্ন কোষৰ ইনফ্লেমেচন কৰি ক্ষতিসাধন কৰে৷ গতিকে কণীত থকা কলিন আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰক্তপ্ৰবাহী প্ৰণালীৰ বাবে সহায়ক৷ কণী খোৱা ৪৪ শতাংশ মহিলাই বক্ষৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা লভে৷ এটা কণীত থাকে ১০০ মাইক্ৰগ্ৰাম কলিন৷
কণীৰ ট্ৰেচ এলিমেন্টসমূহে শৰীৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷
এটা কণীৰ কুহুমত থাকে ১৮৬ মিলিগ্ৰাম কলেষ্টৰল৷ সাধাৰণতে মানৱ দেহক দৈনিক প্ৰয়োজন হোৱা ৩০০মিলিগ্ৰাম কলেষ্টৰল শৰীৰে নিজেই উৎপাদন কৰি লয়৷ শৰীৰক কলেষ্টৰলৰ প্ৰয়োজন হয় হৰমোন আৰু নানাবিধ এনজাইমৰ সৃষ্টিৰ বাবে৷
এতিয়া প্ৰশ্ন হয় আমি নিতৌ কেইটা কণী খোৱা উচিত ?
সৰ্বসাধাৰণ লোকে সপ্তাহত ৬টা কণী খোৱাটো ভাল৷ এই পৰিমাণত গোটা কণী খালেও শৰীৰত কলেষ্টৰল নাবাঢ়ে৷ অন্যথাই তেজৰ বেছি কলেষ্টৰল থকা লোকে কণীৰ বগা অংশটো নিৰ্ভয়ে খাব৷ খাদ্যত সঠিক পৰিমাণৰ কণীয়ে মেদবহুলতা নকৰে৷
মনত ৰাখিব এদিনত একেলগে ২টাৰ বেছি কণী খালে কিডনি আৰু লিভাৰৰ কষ্ট হয়৷ আগতে বিশেষজ্ঞসকলে হৃদৰোগীসকলক সপ্তাহত ২টা কণী খাবলৈ পৰামৰ্শ দিছিল এতিয়া সেই পৰিমাণ ৪টালৈ বঢ়োৱা হৈছে৷ কিডনি ভালে থকা ডায়েবেটিছৰ ৰোগীয়ে সপ্তাহত ৫টা কণী খাব পাৰে৷বহুতৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ একেলগে থাকে৷ তেনে লোকসকলে কণীৰ বগা অংশটো সপ্তাহত ৫ দিন খাব পাৰিব৷
যেহেতু কণীত বিশেষ পিউৰিন নাথাকে- তেজত বৰ্ধিত ইউৰিক এচিড থকা লোকেও কণী খাব পাৰে৷বৰঞ্চ কণীৰ অ’মেগা-৩ গাউট ৰোগীৰ বাবে লাভজনক৷ বাত ৰোগীৰ বাবে কণীত থকা ভিটামিন-ডি আৰু অ’মেগা-৩ দুয়োটাই লাগতিয়াল উপকাৰী তত্ব৷
সুখৰ বিষয় আজিকালি স্বাস্থ্যৰ বাবে কণীৰ উপযোগিতা বহুলাংশে জনসাধাৰণৰ জ্ঞাত হোৱাত এক শ্ৰেণীৰ নিৰামিষভোজী লোকেও কণীক সহজভাৱে খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰি লৈছে৷













