ASSAM TIMES POST
গোসাইগাঁওঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমছু)ৰ অন্ঠাইবাৰীত শাখা কমিটি খন দেওবাৰে পুনৰ গঠন কৰা হয়। সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমছু)ৰ পূৱ গোসাইগাঁও আঞ্চলিক কমিটিৰ সভাপতি মতিউৰ ৰহমান প্ৰধানীৰ পৰিচালনাত পুৱা ১০ বজাত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অন্ঠাইবাৰী কমিটি হলত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাৰ জৰিয়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অন্ঠাইবাৰী শাখা কমিটিৰ সভাপতি মতিউৰ মখাদাস আলী আৰু সাধাৰণ সম্পাদক হামিদুৰ আলী, ছফিউৰ আলী হিচাপে নিৰ্বাচিত কৰি মুঠ ৩১ জনীয়া শক্তিশালী অন্ঠাইবাৰী শাখা কমিটি গঠন কৰে। উক্ত সভাখনত উপস্থিত থাকে স্থানীয় কেইবাগৰাকী জেষ্ঠ লোকৰ উপৰিও অন্যান্য নেতা-কৰ্মীসকল উপস্থিত থাকে।













