ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান জি ডি এচ জি মহাবিদ্যালয়৷ মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অহা এক অক্টোবৰত৷ আজি মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন ৷
প্ৰদান কৰা মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত ‘আছু’ সমৰ্থিত পাঁচগৰাকীকৈ প্ৰাৰ্থী বিনাপ্ৰতিদণ্ডিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে ৷ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সুত্ৰৰ পৰা জানিব পৰা মতে উপ-সভাপতিৰ পদত দ্বীপজ্যোতি সুবেদী, সহকাৰী সম্পাদকৰ পদত দিপালী বৰ্মন, সাংস্কৃতিক সম্পাদকৰ পদত লখস্মিতা ৰবিদাস, আলোচনী (ইংৰাজী বিভাগৰ) সম্পাদকৰ পদত শিল্পা জয়চোৱাল, সমাজ সেৱা বিভাগত পৰিস্মিতা হাজৰিকা বিনাপ্ৰতিদণ্ডিতাৰে বিজয়ী হৈছে ৷
এই লৈ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিনাপ্ৰতিদণ্ডিতাৰে বিজয়ী পাঁচোগৰাকী প্ৰাৰ্থীক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিছে ৷













