ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ অনগ্ৰসৰ অঞ্চলসমূহৰ ৰোগীয়া লোকসকলক ঔষধ যোগান ধৰিব ড্ৰোণে। অবিশ্বাস্য যেন লাগিলেও এই ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ আছে উত্তৰ পূব পৰিষদে। মূলতঃ পূৰ্বোত্তৰৰ যিসমূহ অঞ্চলক বৰ্তমানেও চিকিৎসা সেৱাই ঢুকি পোৱা নাই, সেই স্থানৰ লোকসকলক উক্ত ব্যৱস্থাই উপকৃত কৰিব বুলি আশা কৰা হৈছে।

জানিবপৰা মতে, এই প্ৰকল্পটো বৰ্তমানে পৰীক্ষামূলক পৰ্যায়ত আছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথমতে মেঘালয়ৰ ৰাজধানী শ্বিলঙত ইয়াক ৰূপায়ণ কৰা হ’ব। ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিবলৈ কেন্দ্ৰই ইতিমধ্যে ১০ লাখ টকা মোকলাই দিছে। এই ব্যৱস্থা সফল ৰূপায়ণৰ ক্ষেত্ৰত ভূক্তভোগী লোকসকলৰ ভূমিকা অত্যন্ত প্ৰয়োজনীয় হৈ উঠিব।













