![]()
স্বাস্থ্য প্ৰতিবেদন:
প্ৰায় সকলোৱে জানে কণীৰে নানাবিধ সৌন্দৰ্য্যৰ উপাদান প্ৰসাধন, শ্বেম্পু আদি তৈয়াৰ হয়৷ ঘৰুৱাভাৱে আজিও মহিলাসকলে দৈ, জেতুকা, জবাফুলৰ পাত নাইবা নেমুৰ ৰস আদিৰ সৈতে কণী মিহলাই বা অকলে কণীৰ চুলিত প্ৰলেপ লগায়৷ কিন্ত আমোদৰ কথা বহুতবোৰ মদৰ উজ্জ্বলতা আহে মদত কণীৰ এলবুমিন মিহলোৱাৰ পিছতহে৷
ইনফ্লুৱেঞ্জা ভেকচিন বনাবলৈ কণীৰ এলবুমিনৰ ব্যৱহাৰ হয়৷ আহোম ৰজাসকলে কাৰেংঘৰ, তলাতল ঘৰৰ নিৰ্মাণত কণীৰ ব্যৱহাৰ কৰিছিল নেকি সেয়া বুৰঞ্জীবিদসকলে সঠিককৈ ক’ব পাৰিব৷ এটা সময়ত বুক বাইণ্ডিঙত কিতাপৰ বেটুপাতত উজ্জ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰা হৈছিল৷
হাঁহৰ কণী কুকুৰাৰ কণীতকৈ আকাৰত ডাঙৰ হোৱাত তাত প্ৰ’টিন, ফেট, কলেষ্টৰল, মিনাৰেল, ভিটামিন আৰু কেলৰিৰ পৰিমাণ অধিক৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৮৫ কেলৰি থাকে৷হাঁহৰ কণীত চালমোনেলাৰ সম্ভাৱনা বেছি৷হাঁহৰ কণী খালে নানা পুৰণি বেমাৰে উক দিয়ে বুলি গ্ৰামাঞ্চলত এটা বিশ্বাস প্ৰচলিত আছে৷
এই কথাটোৰ সত্যতা নাই৷ মাত্ৰ ভালকৈ নিসিজা বা কেঁচা কণীৰ যোগেদি চালমোনেলাৰ সংক্ৰমণ হ’ব পাৰে৷ হাঁহৰ কণী কাৰোবাৰ বাবে এলাৰ্জিৰ কাৰকো হ’ব পাৰে৷ লক্ষ্যণীয় কথাটো হ’ল- হাঁহৰ কণীত যিদৰে প্ৰ’টিন, ভিটামিন বেছি থাকে- একেদৰে কলেষ্টৰলো বেছি থাকে৷গতিকে যাৰ ইতিমধ্যে তেজত কলেষ্টৰলৰ আধিক্য তেওঁৰহে হাঁহৰ কণীয়ে অপকাৰ কৰিব৷
কণীৰ এলাৰ্জি কণীত থকা প্ৰ’টিনৰ বাবে কিছুমান মানুহৰ হ’ব পাৰে। এলাৰ্জিৰ লক্ষণ হিচাবে খজুৱতি, ছালত ডবৰা বন্ধা,হাপানি আদি দেখা দিব পাৰে৷ হাঁহৰ কণী ডাঙৰ, গতিকে তাত প্ৰ’টিনো বেছি আৰু এলাৰ্জিৰ সম্ভাৱনাও বেছি।













