![]()
নিউজ ডেস্কঃ
পুনৰ বিতৰ্কিত মন্তব্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ৷ এইবাৰ প্রকাশ্যে নামাজ পঢ়াটো সহ্য কৰা নহ’ব বুলি স্পষ্টভাৱে জনাই দিলে হাৰিয়ানাৰ মুখ্যমুন্ত্রী মনোহৰলাল খট্টৰে।
বহু দিন ধৰি হাৰিয়ানাৰ গুড়গাঁৱত মুকলি স্থানত নামাজ পঢ়াক লৈ আপত্তি জনাই আহিছে হিন্দুত্ববাদী সংগঠনবোৰে। তাত এইবাৰ সহযোগ কৰিলে মুখ্যমন্ত্রীয়ে৷ জনাই দিলে যে গুড়গাঁৱত মুকলি স্থানত নামাজ পঢ়িব নোৱাৰিব। এই সন্দৰ্ভত ৰাজ্যিক আৰক্ষীকো নির্দেশ দিয়ে তেওঁ।
খট্টৰে শুক্রবাৰে কয়, ‘নির্দিষ্ট স্থানত পূজা কৰা বা নামাজ পঢ়াক লৈ কাৰো কোনো আপত্তি নাই। তাৰ বাবেই ধর্মীয় স্থান নির্মিত হয়। কিন্তু খোলা স্থানত নামাজ পঢ়াটো মুঠেই সহ্য নকৰো।’
উল্লেখ্য, ইয়াৰ পূৰ্বে প্রশাসনে কেইটামান মুকলি স্থানত নামাজ পঢ়াৰ অনুমতি দিছিল। সেই সন্দৰ্ভত খট্টৰে কয়, ‘মই আৰক্ষী আৰু উপায়ুক্তক কৈছো এই সমস্যাৰ সমাধান কৰিবলৈ।’













