ASSAM TIMES POST
গুৱাহাটীঃ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্য চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ চমুকৈ ‘কেব’ৰ সপক্ষে মন্তব্য কৰিবলৈ ধৰাৰ বিৰুদ্ধে বুধবাৰে সৰৱ হৈ পৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
গগৈয়ে ইয়াকে লৈ চৰকাৰ দুখনক সমালোচনা কৰাৰ সমান্তৰালভাৱে ৬ মাহ পূৰ্বে ‘কেব’ বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে প্ৰমুখ্য কৰি সমভাৱাপন্ন দল-সংগঠনসমূহকো ক্ষুৰধাৰ সমালোচনা কৰে। গুৱাহাটীৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত এক সংবাদমেলত গগৈয়ে কয় যে বৰ্তমান ‘কেব’ৰ বিৰুদ্ধে আছু, সাহিত্য সভা, কৃষক মুক্তিৰ দৰে দল-সংগঠনসমূহৰ ভূমিকা সন্তোষজনক নহয়।
আগেয়ে ‘কেব’ৰ বিৰোধিতা কৰা এই দল-সংগঠনসমূহ এতিয়া নিমাত বুলি তেওঁ কয়। ‘আগতে যিকোনো কথাত কংগ্ৰেছক গালি পাৰিছিল’ বুলি গগৈয়ে উল্লেখ কৰি কয় যে বিজেপিৰে এনে দল-সংগঠনসমূহৰ বুজাবুজি হোৱাৰ কথা নুই কৰিব নোৱাৰি। সংবাদমেলত গগৈয়ে এনআৰচিৰপৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী, ডঃ হিমন্ত বিশ্ব শৰ্মা, ‘হাউডী মোডী’লৈকে সমালোচনা কৰে।













