ASSAM TIMES POST
গুৱাহাটীঃ বুধবাৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ দিনটোত ভুৱা ফাৰ্মাচিষ্ট, ফাৰ্মাচী আৰু চিকিৎসকক সকীয়নি প্ৰদান কৰিছে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই।
সংবাদ মাধ্যমত মন্ত্ৰীজনে কয় যে এইসমূহৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিব।
ইফালে এইসমূহ নিয়ন্ত্ৰণৰ বাবে ঔষধ পৰিদৰ্শকৰ বহুকেইটা পদ খালী থকাৰ প্ৰসংগত তেওঁ কয় যে এই পদসমূহ পূৰণৰ বাবে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰেই এই পদসমূহ পূৰণ কৰা হ’ব।













