ASSAM TIMES POST
গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণ আৰু তত্বাৱধানত অসমত উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পাছত শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক শিলাদিত্য দেবে কৰা মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ এজন বিষয়ববীয়াই।
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ গৱেষণা বিভাগৰ অধ্যক্ষ নেত্ৰৰঞ্জন চৌধুৰীয়ে ইতিমধ্যে ইয়াৰ বাবে দেশৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনত চৌধুৰীয়ে শিলাদিত্য দেবে ‘অসমৰ এনআৰচিক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দুৰ্নীতিত লিপ্ত হৈছে’ বুলি যি মন্তব্য কৰিছে, সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। এই সম্পৰ্কত প্ৰকাশিত বাতৰিও চৌধুৰীয়ে পত্ৰৰ সৈতে গাঁথি দিছে।













