![]()
স্বাস্থ্য প্ৰতিবেদন:
সঠিক খাদ্যাভ্যাস আৰু সুনির্দিষ্ট জীৱনধাৰাই একাধিক জটিল ৰোগৰ আশঙ্কাৰ পৰা ৰক্ষা কৰে।
বিশেষজ্ঞসকলৰ মতে, প্রাকৃতিকভাবে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ প্রতিদিনে খাদ্য তালিকাত কেইবিধমান ফল-পাচলি ৰখা উচিত। বৰ্তমান সময়ত মানসিক চাপ, দুশ্চিন্তাৰ পৰা ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে সমস্যা ক্ৰমান্বয়ে বাঢ়িছে। পকা ফল, পাচলিৰ দৰেই তিনিবিধ কেঁচা পাচলি দৈনিক খাদ্য তালিকাত ৰখাৰ পৰামর্শ দিয়ে পুষ্টিবিদসকলে।
১. কেঁচা অমিতা :
ইমিউনিটি বৃদ্ধি কৰিবলৈ আৰু জটিল ৰোগত আক্রান্ত ব্যক্তিসকলক দৈনিক পকা অমিতা খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে। কেঁচা অমিতাৰো আছে প্রচুৰ গুণ। কাইমোপেপাইন আৰু পেপাইন প্রোটিন আৰু শর্কৰাই পৰিপাক প্ৰণালীত সহায় কৰে। হজমশক্তি বৃদ্ধি কৰাৰ উপৰি আর্থাৰাইটিছ, হাঁপানি আৰু ডায়েবেটিছ ৰোগীসকলক দৈনিক কেঁচা অমিতা খোৱাৰ কথা কয় পুষ্টিবিদসকলে।
২. কেঁচা আম:
প্রাকৃতিকভাবে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কেঁচা আমৰ বিকল্প নাই। ভিটামিন চি আৰু এন্টি-অক্সিডেন্টেৰে ভৰপূৰ কেঁচা আম শৰীৰৰ বাবে ভীষণ উপকাৰী। লিভাৰৰ স্বাস্থ্য সুস্থ ৰখাতো সহায় কৰে ই। গেছ, এচিডিটীৰ দৰে সমস্যাও কমি যায়।
৩. কাচ কল :
ভিটামিনেৰে ভৰপূৰ কাচ কল যিকোনো ৰোগীসকলৰ বাবেই উপকাৰী। ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি-৬, পটাছিয়াম আছে প্রচুৰ পৰিমাণে। যিয়ে নিয়ন্ত্রণত ৰাখে উচ্চ ৰক্তচাপ। ওজন কমাবলৈও সহায় কৰে কাচ কলে।













