ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ বিভিন্ন স্হানৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চল সমূহত বিগত সময়ছোৱাত চিলনী চোৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। পথাচাৰী পুৰুষ-মহিলাক লক্ষ্য হিচাপে লৈ চিলনী চোৰে নিৰ্বিবাদে চলাই আহিছে সন্ত্ৰাস ।

আনহাতে চিলনীচোৰক কৰায়ত্ত কৰাত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে । নগাঁও আৰক্ষীয়ে চিলনী চোৰৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা এনে ব্যৰ্থতাৰ বিপৰীতে দুগৰাকী সাহসী যুৱতীয়ে চিলনী চোৰৰ ক্ষেত্ৰত দেখুওৱা সাহসক সকলোৱে একেমুখে প্ৰশংসা কৰে। এই যুৱতীদ্বয়ে সময়ত প্ৰদৰ্শন কৰা সাহস আৰু তৎপৰতাৰ বাবেই আৰক্ষীয়ে দুটাকৈ চিলনী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, কালি সন্ধিয়া নগাঁৱৰ মধুপুৰ শ্মশানৰ সমীপৰে স্কুটীত গৈ আছিল বেংক কৰ্মচাৰী ৰীণা দাস শইকীয়া আৰু গুৰমিত কৌৰ নামৰ যুৱতী দুগৰাকী ।তেওঁলোক নিজ দিশত গৈ থকা অৱস্থাত পিছফালে স্কুটী লৈ অহা দুটা চিলনী চোৰে স্কুটীখনৰ পিছৰ আসনত বহি যোৱা গুৰমিত কৌৰ নামৰ যুৱতী গৰাকীৰ হাতত থকা মোবাইল ফোন দুটা থপিয়াই নিয়ে।

গুৰমিতৰ হাতৰ পৰা মোবাইল ফোন দুটা কাঢ়ি চিলনী চোৰৰ দুটা তীব্র গতিত পলায়ন কৰে।কিন্তু চিলনী চোৰ কেইটাক সহজে এৰি নিদি পিছে পিছে বহুদূৰ খেদি গ’ল ৰীণা আৰু তেঁওৰ বান্ধৱী গুৰমিতে। অৱশেষত যুৱতী দুগৰাকীৰ সাহস আৰু তৎপৰতা দেখি চিলনী চোৰ দুটাই ভয় খাই ৰাজপথতে স্কুটী এৰি পলায়ন কৰে।
পিছত আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ চিলনী চোৰে ব্যৱহাৰ কৰা স্কুটীখন জব্দ কৰে । পাচত আৰক্ষীয়ে অভিযান চলাই পলায়ণ কৰা দুই চিলনী চোৰ চাহিল হুছেইন আৰু জিয়াউৰ ৰহমানক কৰায়ত্ত কৰে। আৰক্ষীয়ে চিলনী চোৰ দুটাই কাঢ়ি নিয়া মবাইল ফোন দুটাও উদ্ধাৰ কৰে। চিলনী চোৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা এনে সাহসিকতাৰ বাবে দুই যুৱতী ৰীণা দাস শইকীয়া আৰু গুৰমিত কৌৰক আজি নগাঁও সদৰ থানাত আৰক্ষীয়ে সম্বৰ্ধনা জনায়।আনহাতে যুৱতী দুগৰাকীৰ সাহসিকতাৰ শলাগ লয় নগঞা ৰাইজে।













