ASSAM TIMES POST
নগাঁওঃ ছাত্ৰ ৰাজনীতিকলৈ উত্তপ্ত হৈ পৰিল নগাঁৱৰ এখন মহাবিদ্যালয়।নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বিষয় গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পোৱা এক ঘটনাই সকলোৰে চকু থৰ কৰিছে।মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতিৰ পদত বিজয়ী হোৱা এজন ছাত্ৰই নিৰ্বাচনৰ ভোট পুনৰ গণনাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰে।

উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ যোগেদি মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষক ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পুনৰ ভোট গণনা কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে।ঘটনাটো এনেধৰণৰ।নগাঁও চহৰৰ ডিমৰুগুৰিত স্থিত নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত যোৱা ২৩ ছেপ্টেম্বৰত ছাত্ৰ একতা সভাৰ নিৰ্বাচন হৈছিল।নিৰ্বাচনৰ ফলাফল অনুসৰি এন এচ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল আজিজ নামৰ প্ৰাৰ্থীজন অতি কম সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হয়।
বিজয়ী প্ৰাৰ্থীজনৰ নিকটতম পৰাজিত এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীজনে ফলাফলত সন্দেহ প্ৰকাশ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষক পুনৰ ভোট গণনাৰ দাবী জনায়।কৰ্তৃপক্ষই সেই দিনা সময় নোহোৱাৰ বাবে আৰু পিচদিনা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস থকাৰ বাবে আজিৰ দিনটোতহে পুনৰ ভোট গণনা সম্পন্ন কৰাৰ বাবে সন্মতি দিয়ে।
কিন্তু বিজয়ী ঘোষিত প্ৰাৰ্থী আব্দুল আজিজে পুনৰ ভোট গণনা নকৰিবৰ বাবে নিৰ্দেশ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কালি আবেদন জনায়।জানিব পৰামতে উচ্চ ন্যায়ালয়ে উক্ত আবেদনৰ ভিত্তিত পুনৰ ভোট গণনা নকৰিবৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।এই ঘটনাৰ আলমত মহাবিদ্যালয়খনত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত আৰক্ষী প্ৰশাসনে আৰক্ষী-নিৰাপত্তা বাহিনী মোতায়েন কৰে।ইয়াৰ পিচত মহাবিদ্যালয়খনৰ পৰিস্থিতি শান্ত হয় বুলি জানিব পৰা গৈছে।













