ASSAM TIMES POST
নগাঁওঃ আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ জীৱন যাপন আৰামদায়ক কৰি তোলাৰ বিপৰীতে নিচাযুক্ত ড্ৰাগছৰ অবাধ প্ৰচলনে বিশেষকৈ যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ।ড্ৰাগছৰ কৱলত পৰা একাংশৰ জীৱনলৈ নামি আহিছে অমানিশা। ড্ৰাগছ আসক্ত সন্তান অথবা পৰিয়ালৰ কোনো সদস্যক লৈ অসহায় আৰু দিশহাৰা হৈ পৰে অভিভাৱকসকল।
ড্ৰাগছ আসক্ত অথবা ভুক্তভোগী সকলক কিছু সকাহ দিবলৈ আগবঢ়ি আহিছে নগাঁও আৰক্ষী। এতিয়াৰ পৰা এই ড্ৰাগছ আসক্ত লোকসকলক উদ্ধাৰ আৰু সহায়ৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ প্ৰচেষ্টাত ড্ৰাগছ আসক্ত লোকক সহায়ৰ বাবে মুকলি কৰিছে ‘সহায়’ নামেৰে এটা হটলাইন নম্বৰ। হটলাইন নম্বৰ ৬০২৬৬-৩৯৮১১ত যোগাযোগ কৰি লাভ কৰিব পাৰে সহায় ।
সম্প্ৰতি পুৱা ৯বজাৰ পৰা সন্ধিয়া ৫ বজালৈ উপলব্ধ হ’ব এই হটলাইন নম্বৰ। পৰৱৰ্তী সময়ত প্ৰয়োজনত এই নম্বৰ উপলব্ধ কৰিব ২৪ ঘণ্টা । ইপিনে নগাঁৱৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকেও লাভ কৰিব নগাঁও আৰক্ষীৰ এই ‘সহায়’ৰ সুবিধা ।
উল্লেখ্য, এই সুবিধা লব বিচৰা সকলে পোনপটীয়াকৈ নগাঁও আৰক্ষীৰ হটলাইন নম্বৰ ৬০২৬৬-৩৯৮১১ ত নিসংকোচে ফোন কৰিব পাৰিব ৷ সকলো তথ্য গোপনে ৰখাৰ লগতে প্ৰয়োজনীয় সকলোধৰণৰ সহায় আগবঢ়াব নগাঁও আৰক্ষীৰ তৰপৰ পৰা ৷ এই ক্ষেত্ৰত কোনো লোকে যদি ড্ৰাগছ আসক্ত লোকৰ বিষয়ে কোনো তথ্য আছে তেনেহ’লে নগাঁও আৰক্ষীক জনাব পাৰিব ৷ আৰক্ষীয়ে তেওঁলোকক ড্ৰাগছৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।













