ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ দুৰ্যোগে লগ এৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ক।এটোৰ পিছত সিটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয়খনৰ সোপাঢিলা প্ৰশাসনিক ব্যৱস্থাই সমগ্ৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰি তোলা স্বত্বেও কিন্তু উপাচাৰ্য গৰাকী নিজৰ মতত অটল থকাতোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি কৰিছে।
আজি পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰন নিৰ্বাচনক লৈ উত্তাল হৈ পৰে বিশ্ববিদ্যালয় চৌহদ।বিশ্ববিদ্যালয়ৰ তথাকথিত কিছু প্ৰক্ৰিয়াৰ ক্ষোভত ফাটি পৰা শ শ শিক্ষাৰ্থীয়ে আজি নিশা ঘেৰাও কৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন।বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ দুমুখীয়া ভূমিকাক লৈ এই উত্তাল প্ৰতিবাদে সকলোকে ভবাই তুলিছে।

উল্লেখ্য যে অহা ৩০ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা নিৰ্বাচন উপলক্ষে কালি মনোনয়ন পৰীক্ষাৰ পাছত বাতিল হৈছিল সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী এজনৰ মনোনয়ন।বিশ্ববিদ্যালয়ৰ নিৰ্বাচন সমিতিয়ে সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দিতাৰে আছু সমৰ্থিত শ্যাম সুন্দৰ ভূঞা আৰু সাংস্কৃতিক সম্পাদিকা কৃষ্ণামণি শইকীয়াক জয়ী বুলি ঘোষণা কৰিছিল।
কিন্তু বিশ্ববিদ্যালয়ে আজি পুনৰ ৰহস্যজনক ভাৱে এক জাননী যোগে এই ঘোষণা প্ৰত্যাহাৰ কৰাৰ লগতে ৩০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ পাৰ্থীৰ চুড়ান্ত তালিকা আজি প্ৰকাশ কৰাৰ কথা আছিল যদিও ৰহস্যজনক কাৰণত নকৰাক লৈ এইদৰে উত্তেজিত হৈ পৰে বহু ছাত্ৰ ছাত্ৰীৰ লগতে আছু সমৰ্থিত একাংশ ছাত্ৰ ছাত্ৰী।
বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ভূমিকাত কোনো অজ্ঞাত শক্তি তথা ৰাজনৈতিক শক্তিৰ প্ৰৰোচনা থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে।বাৰে বাৰে এনেদৰে নিৰ্বাচনৰ নামত শৈক্ষিক পৰিবেশ বিনষ্ট আৰু ছাত্ৰ জীৱনৰ লগত হেতালি খেলাক লৈ অগ্নিশৰ্মা হৈ পৰিছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী।













