![]()
স্বাস্থ্য প্ৰতিবেদন:
পুৱা গাখীৰ বা দৈ খালে বিভিন্ন ধৰণৰ উপাদান শৰীৰলৈ যায়। সেয়ে পুৱাৰ আহাৰত অন্য খাদ্যৰ লগত গাখীৰ খালে সেই খাদ্য হয় পৰিপূর্ণ। তাৰ লগত আকৌ কোনোৱে কল, আপেল বা অন্য কোনো ফলো খায়।
বৰ্তমান বজাৰত উভৈনদী হৈছে কমলা টেঙা। বহুতেই ভাবে, পুৱাৰ সময়ত ভিটামিন চিৰে ভৰপূৰ এই ফলবিধ খালে শৰীৰৰ উপকাৰ হ’ব। গেছ হোৱাৰ আশঙ্কাও কম থাকে। কিন্তু কমলাৰ দৰে ফলৰ সৈতে গাখাৰ খালে শৰীৰত উপকাৰ হোৱাৰ সলনি ক্ষতিৰ আশঙ্কাই বেছি।
গাখীৰৰ প্রোটিন আৰু কমলাৰ এচিড একেলগে পেটলৈ গ’লে হজমৰ সমস্যা হোৱাৰ আশঙ্কা থাকে। তাৰ ফলত গেছ, পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।
ঠিক এই কাৰণেই প্রাচীন চিকিৎসাশাস্ত্র অনুযায়ী খোৱাৰ কিছু নিয়ম আছে। গাখীৰৰ সৈতে যিকোনো ধৰণৰ ফল খাব পৰা নাযায়। গাখীৰৰ সৈতে যদি ফল খাবলগা হয় তেন্তে আম-কলৰ দৰে একেবাৰে পকা কোনো ফল খাব লাগে। তাৰ লগত ডালচেনি, ইলাচিৰ দৰে কিছু মচলাৰ গুড়ি মিহলাই লোৱাটো জৰুৰী। তাৰ ফলত হজমৰ সমস্যা নাথাকে।













