![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলাৰ লংনিটৰ সমীপৱৰ্তী চিলনিৰ পৰ্যটনস্থলীত আজি ‘আচাম প্ৰেছ কৰছপেণ্ডেন্স ইউনিয়ন’ চমুকৈ ‘আপকু’ৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আব্দুল খালেক, সাধাৰণ সম্পাদক প্ৰধান শৰৎ শেনচোৱাকে ধৰি সকলো বিষয়ববীয়া তথা কাৰ্যকৰী সদস্যসকলৰ উপস্থিতিত সন্থাৰ দাবী সন্দৰ্ভত আলোচনা কৰা হয় ৷ প্ৰতিনিধি সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ‘আপকু’ৰ সভাপতি মঃ আব্দুল খালেকে কয় যে, আজিৰ সভাত মফচলীয়া সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে ৷ বিশেষকৈ অসমৰ মফচলীয়া সাংবাদিকসকলে আৰ্থিক নিৰাপত্তাহীনতাত ভুগি অহা দিশটোৰ প্ৰতি গুৰুত্ব প্ৰকাশ কৰি মাঝিথিয়া আয়োগৰ নীতি-অনুসৰি সাংবাদিকসকলক দা-দৰমহা প্ৰদান কৰাৰ বাবে দাবী জনায় ৷ লগতে আগন্তুক বাজেট অধিৱেশনত মফচলীয়া সাংবাদিকসকলৰ আৰ্থিক নিৰাপত্তাহীনতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দা-দৰমহা ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় সভাপতিগৰাকীয়ে ৷












