![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান । সীমান্তৰ লাহৰিজানৰ ব্লক-৩ ৰ দুদু কলনিত চলিছে এই অভিযান । কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে চলাইছে এই উচ্ছেদ অভিযান। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত চলিছে এই অভিযান। লাহৰিজানত আৰক্ষী, চিআৰপিএফৰ বৃহৎ দলে চলাইছে এই অভিযান। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত লাহৰিজানত।
উল্লেখ্য যে, উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ১০৭ টা ঘৰে বসতি স্থাপন কৰি আছিল। অৱশ্যে ইয়াৰে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা-সামগ্ৰী লৈ এই উক্ত স্থান ত্যাগ কৰিছে।












